/asomiyapratidin/media/media_files/2025/09/01/ujjjdd-2025-09-01-12-28-11.jpg)
ডিজিটেল ডেস্কঃ বি টি চি নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ২ছেপ্টেম্বৰ। মাজত মাত্ৰ কেইটামান ঘন্টা বাকী থকা অৱস্থাতে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে ঘোষণা কৰিলে প্ৰাৰ্থিত্বৰ তালিকা।
অসম জাতীয় পৰিষদে গোমা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কৌশিক ব্ৰহ্মক। আনফালে ফকিৰাগ্ৰাম সমষ্টিত বিপিন চন্দ্ৰ দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। বিয়লি ভাগলৈ আৰু ৩টা সমষ্টিৰ প্ৰাৰ্থীৰ নামৰ ঘোষণা কৰিব আঞ্চলিক দলটোৱে।
আনফালে ৰাইজৰ দলে বি টি চি নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৪টা পৰিষদীয় সমষ্টিত। ২৩নং দিহিৰা সমষ্টিত ৰাইজৰ দলে প্ৰাৰ্থিত্ব দিছে অশ্বিনী দাসক। ২৪নং মুছলপুৰত ড০ গৌৰী শংকৰ শৰণীয়া, ৩৪নং খালিং দুৱাৰ সমষ্টিত দিলেশ্বৰ বড়ো আৰু ৩৫নং মুদুৰীবাৰী সমষ্টিত মুন শৰণীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।
উল্লেখ্য যে, ইতিমধ্যে ৪০টা পৰিষদীয় সমষ্টিৰ বাবে প্ৰাৰ্থিত্বৰ তালিকা ঘোষণা কৰিছে কংগ্ৰেছ আৰু বি পি এফে। ইয়াৰ বিপৰীতে ২৮টা সমষ্টিত বিজেপিয়ে দিছে প্ৰাৰ্থিত্ব। আৰু ৩ নাইবা ৪টা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদানৰ ইংগিত দিছে দিলীশ শইকীয়াই। এতিয়ালৈকে ইউ পি পি এলে ৩৪টা আৰু অগপই ৪টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।