/asomiyapratidin/media/media_files/2026/01/30/sunetrararrara-2026-01-30-21-01-45.jpg)
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ এক বিমান দুৰ্ঘটনাত মৃত্যু হোৱাৰ পাছত তেওঁৰ পত্নী সুনেত্ৰা পাৱাৰক উপ মুখ্যমন্ত্ৰী পদৰ দায়িত্ব গ্ৰহণৰ বাবে অনুৰোধ জনোৱা হয়। আৰু অৱশেষত সুনেত্ৰা পাৱাৰে উপ-মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে।
ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, এনচিপিৰ সূত্ৰে জানিব পৰা গৈছে যে- পত্নীয়ে উপ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাটোৱে আছিল অজিত পাৱাৰৰ অন্তিম ইচ্ছা। এতিয়া এই সন্দৰ্ভত শনিবাৰে এনচিপি অৰ্থাৎ নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ বিধায়কসকল এক বৈঠকত বহিব।
এই বৈঠকৰ পাছতে শনিবাৰে সন্ধিয়া প্ৰায় ৫ বজাত উপ-মুখ্যমন্ত্ৰী পদৰ বাবে শপতগ্ৰহণ কৰিব সুনেত্ৰা পাৱাৰে। ইফালে, দলটোৰ অধ্যক্ষ প্ৰফুল্ল পাটেলে এই সন্দৰ্ভত শুকুৰবাৰে কয় যে- মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুৰ পাছত এনচিপিৰ বিধায়িনী দলৰ নেতা হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ ক্ষেত্ৰত তেওঁৰ পত্নী সুনেত্ৰা পাৱাৰে কোনো আপত্তি দৰ্শোৱা নাই।
অৱশ্যে বাতৰি লিখা সময়লৈকে এই সন্দৰ্ভত NCPৰ ফালৰ পৰা কোনো ধৰণৰ আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। সম্ভৱত শনিবাৰে এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰিব দলটোৱে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us