New Update
/asomiyapratidin/media/media_files/2026/01/28/f5525341-c0da-4b24-8bea-d74b9d7debd9-2026-01-28-10-16-24.jpg)
ডিজিটেল ডেস্কঃ বুধবাৰে পুৱাৰ ভাগতে বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু হয়। তেওঁৰ গৃহ জিলা বাৰামাটিত সংঘটিত হয় এই দুৰ্ঘটনা। বিমানখনত থকা ছয়জন লোকৰেই মৃত্যু হৈছে। জানিব পৰা মতে, বাৰামাটিত অৱতৰণৰ সময়ত সংঘটিত হৈছে এই দুৰ্ঘটনা।
উল্লেখ কৰা প্ৰয়োজন যে, পাৱাৰ পৰিয়ালৰ দুৰ্গ বুলি গণ্য কৰা বাৰামাতিৰ বিধায়ক অজিত পাৱাৰ। দুৰ্ঘটনাটোৰ পিছতে বিমানখন জুইত জাহ যায়। প্ৰথম অৱস্থাত এই দুৰ্ঘটনাত অজিত পাৱাৰ গুৰুতৰভাৱে আহত হোৱাৰ লগতে তেওঁক বাৰামাটিৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা বুলি জানিব পৰা গৈছিল। অৱশ্যে কিছু সময়ৰ পিছতে তেওঁক মৃত ঘোষণা কৰা হয়।
সতীৰ্থৰ সৈতে বিমানখনত উঠিছিল অজিত পাৱাৰ। এই দুৰ্ঘটনাত পাইলটৰো মৃত্যু হয়। পুৱা ৮ৰ পৰা ৯ বজাৰ ভিতৰত মুম্বাইৰ পৰা উৰা মাৰিছিল চাৰ্টাড প্লেনখন। চিকিৎসকৰ এটা দলে তেওঁক চিকিৎসা কৰি আছিল যদিও তেওঁৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে।
আজি বাৰামাতিত অজিত পাৱাৰে কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা আছিল। বাৰামাটিৰ সাংসদ আৰু তেওঁৰ ভগ্নী সুপ্ৰিয়া চুলে বাৰামাতিলৈ ৰাওনা হৈছে। দিল্লীৰ পৰা বাৰামাতিলৈ ৰাওনা হৈছে পাৱাৰৰ পৰিয়াল। জীৱনৰ অন্তিম ২৪ঘন্টাত বহুকেইটা চৰকাৰী কাৰ্যসূচীত অংশ লৈছিল অজিত পাৱাৰে।
মঙলবাৰে সন্ধিয়া ভাগত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ সৈতে এখন বৈঠকতো অংশ লৈছিল অজিত পাৱাৰে। কেবিনেট পৰ্যায়ৰ এই মিটিঙত বহুকেইটা সিদ্ধান্তও গ্ৰহণ কৰা হৈছিল। এই চৰকাৰী কাৰ্যসূচীৰ পিছতে ঘৰলৈ উভতি হৈছিল অজিত পাৱাৰ। তাৰ পিছতে পুৱা ৮.৩০বজাত ঘৰৰ পৰা ওলাই বিমানেৰে ৰাওনা হৈছিল বাৰামতিলৈ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/28/619140457_1218659247122874_2309893442625587770_n-2026-01-28-10-15-32.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us