/asomiyapratidin/media/media_files/2026/02/02/hhhdd-2026-02-02-10-00-03.jpg)
ডিজিটেল ডেস্কঃমহাৰাষ্ট্ৰৰ বাৰামাটিত লাখ লাখ লোকে মৰমৰ নেতা অজিত পাৱাৰক শেষ বিদায় দিবলৈ সমবেত হৈছিল। চোৰে এই পৰিস্থিতিৰ সুযোগ লৈ তাত সমবেত হোৱা লোকৰ পৰা চুৰি কৰিলে ৩০-৪০ডাল সোণৰ চেইন। চুৰি হোৱা গহনাবোৰৰ মূল্য প্ৰায় ২৫ৰ পৰা ৩০ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে।
তাৎপৰ্যপূৰ্ণভাৱে সেইদিনা বাৰামাটিত প্ৰায় ৮ হাজাৰ আৰক্ষী জোৱান নিয়োজিত হৈছিল। ইয়াৰ পিছতো ইমান বৃহৎ চুৰিৰ সংঘটনে আৰক্ষী ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। চোৰে চেইন কাঢ়ি নিয়া নাগৰিকসকলৰ অভিযোগৰ ভিত্তিত বাৰামাটি তালুকা থানাত গোচৰ ৰুজু কৰা হৈছে। মহম্মদ ইউনুছ, ৰাজকুমাৰ আথাৱালে, এজাজ মিৰাৱালে, মহম্মদ চিৰাজ, বালু বটৰে, আৰু আন দুজন অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।
উল্লেখ্য যে, যোৱা ২৮ জানুৱাৰীত বিমান দুৰ্ঘটনাত ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ কৰুণ মৃত্যু হয়। বাৰামাটিৰ বিদ্যা প্রতিষ্ঠান খেলপথাৰত পূৰ্ণ ৰাজ্যিক সন্মানেৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। সমগ্ৰ মহাৰাষ্ট্ৰৰ পৰা লাখ লাখ লোকে শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ বাৰামাটিলৈ ভিৰ কৰিছিল আৰু সমগ্ৰ চহৰখন শোকত ভাগি পৰিছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us