দুৰ্ঘটনা নে ষড়যন্ত্ৰ! অজিত পাৱাৰক মৃত্যুক লৈ ৰহস্য...

বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ এগৰাকী শক্তিশালী ৰাজনৈতিক নেতা অজিত পাৱাৰৰ মৃত্যুৰ পাছতে এতিয়া সৰ্বত্ৰে শোকৰ বন্যা বৈছে। ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ পৰা আদি কৰি সকলোৱে শোক ব্যক্ত কৰিছে। ইয়াৰ মাজতে এই বিমান

author-image
Asomiya Pratidin
New Update
yhhhhdd

ডিজিটেল ডেস্কঃ বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ এগৰাকী শক্তিশালী ৰাজনৈতিক নেতা অজিত পাৱাৰৰ মৃত্যুৰ পাছতে এতিয়া সৰ্বত্ৰে শোকৰ বন্যা বৈছে। ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ পৰা আদি কৰি সকলোৱে শোক ব্যক্ত কৰিছে। ইয়াৰ মাজতে এই বিমান দুৰ্ঘটনাক লৈ ৰহস্যৰ গোন্ধ পাইছে একাংশই।

একাংশই সন্দেহ ব্যক্ত কৰিছে যে, পৰিকল্পতিভাৱে বিমান দুৰ্ঘটনাৰ জৰিয়তে হত্যা কৰা হৈছে অজিত পাৱাৰক। একাংশই কৰা এই সন্দেহক আৰু অধিক ইন্ধন যোগালে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। অজিত পাৱাৰৰ মৃত্যুত শোক প্ৰকাশ কৰি মমতা বেনাৰ্জীয়ে এই ঘটনাৰ পুংখানুপুংখ তদন্তৰ দাবী কৰে।

সামাজিক মাধ্যমত তেওঁ শোক ব্যক্তি কৰি কয় যে,   অজিত পাৱাৰৰ হঠাৎ মৃত্যুত মই গভীৰভাৱে স্তম্ভিত হৈছো। আজি পুৱা বাৰামাটিত ভয়ংকৰ বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী আৰু তেওঁৰ সৈতে যাত্ৰা কৰা সকলৰো মৃত্যু হৈছে। মই গভীৰ শোক প্ৰকাশ কৰিছো। এই কাণ্ডৰ পুংখানুপুংখ তদন্ত হ'ব লাগিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছক ফোন কৰি ঘটনা সন্দৰ্ভত পৰিস্থিতি বুজ লোৱাৰ লগতে তদন্তৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে। 

অজিত পাৱাৰ