/asomiyapratidin/media/media_files/2025/12/02/new-ap-web-6-4-2025-12-02-15-36-22.jpg)
ডিজিটেল সংবাদ, ওদালগুৰি : বিটিচিত নতুন চৰকাৰ গঠনৰ প্ৰায় দুমাহৰ অন্তত অৱশেষত নাম ঘোষণা হ'ল বিভিন্ন জনগোষ্ঠীৰ ছয়গৰাকী মনোনীত পাৰিষদৰ নাম। সেই অনুসৰি কলিতা জনগোষ্ঠীৰ তৰফৰ পৰা মনোনীত সদস্যৰ পদ লাভ কৰে ওদালগুৰি চহৰৰ দুই নম্বৰ ৱাৰ্ডৰ বাসিন্দা তথা ওদালগুৰি জিলা বিজেপিৰ সভাপতি অজয় কুমাৰ হাজৰিকাই।
উল্লেখ কৰা প্ৰয়োজন যে, পিতৃ প্ৰয়াত হৰেন হাজৰিকা আৰু মাতৃ ৰেণু ভূঞা হাজৰিকাৰ পুত্ৰ অজয় হাজৰিকাই ১৯৭২ চনৰ পহিলা ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰিছিল। পূৰ্ৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা হাজৰিকাই অবিভক্ত দৰং জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ পদো অলংকৃত কৰিছিল।
তেখেতে ২০১৫ চনত বিজেপি দলত যোগদান কৰিছিল। পৰৱৰ্তী সময়ত তেখেতে দলটোৰ কাৰ্যনিৰ্বাহক সদস্য, জিলা সাধাৰণ সম্পাদককে ধৰি বৰ্তমান জিলা বিজেপিৰ সভাপতিৰ পদত অধিষ্ঠিত হৈ আছিল। যোৱা ৩০ নৱেম্বৰৰ নিশা কলিতা জনগোষ্ঠীৰ হৈ বিটিচিৰ মনোনীত পৰিষদ হিচাপে নাম ঘোষণাৰ পিছতেই উৎফুল্লিত হৈ পৰে সমৰ্থক তথা কলিতা জনগোষ্ঠীৰ লোকসকল।
সোমবাৰে হাজৰিকাই কোকৰাঝাৰত শপত গ্ৰহণ কৰি বিটিচিৰ দুদীনীয়া শীতকালীন অধিৱেশনত অংশগ্ৰহণ কৰে। ইয়াৰ পাছত যোৱা নিশা ওদালগুৰিত উপস্থিত হয় নৱনিৰ্বাচিত পাৰিষদগৰাকী।
ইয়াৰ পাছতে সমৰ্থকসকলে ফটকা-আটচবাজীৰে আদৰি আনে হাজৰিকাক। মঙলবাৰে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য প্ৰদান কৰি পাৰিষদ অজয় কুমাৰ হাজৰিকাই কয়, "মোক আজি যোগ্য হিচাপে বিৱেচনা কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীক ধন্যবাদ জ্ঞাপন কৰিছো। শুভাকাংক্ষীসকলৰ মৰম আৰু শুভেচ্ছা গ্ৰহণ কৰি আগন্তুক দিনবোৰত আগবাঢ়ি যাব পাৰিম বুলি আশাপ্ৰকাশ কৰিছো।
বৃহত্তৰ বিটিচি অঞ্চলৰ পাঁচোখন জিলাৰ সামগ্ৰিক উন্নয়ণ, সকলো জাতি-জনগোষ্ঠীৰ যাতে সমবিকাশ সাধন হয়, তাৰ প্ৰতি নজৰ থাকিব। এইক্ষেত্ৰত মই অগ্ৰণী ভূমিকা গ্ৰহণৰ বাবে আগবাঢ়িম। এইক্ষেত্ৰত ৰাইজৰ সহযোগিতা কামনা কৰে পাৰিষদ হাজৰিকাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us