/asomiyapratidin/media/media_files/2025/09/13/333-2025-09-13-13-03-43.jpg)
ডিজিটেল ডেস্ক : জল্পনাৰ অন্ত পেলাই অৱশেষত ভাৰতীয় ৰে’লৰ মানচিত্ৰত অন্তৰ্ভুক্ত হ’ল মিজোৰামৰ নাম। দেশে স্বাধীনতা লাভ কৰাৰ সুদীৰ্ঘ বছৰৰ মূৰত উত্তৰ- পূৰ্বাঞ্চলৰ অন্যতম ৰাজ্য মিজোৰামে পালে ৰে’ল সেৱা।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/13/whatsapp-2025-09-13-13-02-54.jpeg)
শনিবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মিজোৰামৰ প্ৰথমটো ৰে’লপথ আনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰধানমন্ত্ৰী মোডীয়ে। আইজলৰ পৰা দিল্লী সংযোগী প্ৰথমখন ৰাজধানী এক্সপ্ৰেছৰ ফ্লেগ অৱ কৰি মুকলি কৰে মোডীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/13/whatsapp-im-2025-09-13-13-03-06.jpeg)
দেশৰ আটাইতকৈ উচ্চতাত থকা এই ৰে’ল পথটো মুকলি কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়- মিজোৰামবাসীৰ বাবে এয়া এক শুভ ক্ষণ। এই শুভ লগনত আটাইলৈ মোৰ শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিছো। তেওঁ লগতে ইয়াকো কয়- এতিয়াৰে পৰা দিল্লীলৈ বেছি দূৰ নহ’ব মিজোৰামবাসীৰ বাবে। পলকতে দিল্লী পাব আপোনালোকে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/13/whatsapp-im-2025-09-13-13-03-18.jpeg)
প্ৰণিধানযোগ্য যে, ২০১৫ চনতে মিজোৰামত প্ৰথমটো ৰে’ল পথ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল। এই প্ৰকল্পৰ বাবে কেন্দ্ৰই ব্যয় কৰিছে ৮,০৭০ কোটি টকা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us