এছআইআৰৰ বিৰুদ্ধে ধুবুৰীত এআইইউডিএফৰ উত্তাল প্ৰতিবাদ

ৰাজ্যজুৰি বৈধ ভোটাৰ তালিকাৰ পৰা সংখ্যালঘু ৰাইজৰ নাম কৰ্তন কৰাৰ অভিযোগ উত্থাপন কৰি অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে AIUDFৰ ধুবুৰী জিলা কমিটিয়ে।

author-image
Asomiya Pratidin
New Update
fgyrtgrtr

ডিজিটেল সংবাদ, ধুবুৰীঃ ৰাজ্যজুৰি বৈধ ভোটাৰ তালিকাৰ পৰা সংখ্যালঘু ৰাইজৰ নাম কৰ্তন কৰাৰ অভিযোগ উত্থাপন কৰি অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে AIUDFৰ ধুবুৰী জিলা কমিটিয়ে। বৃহস্পতিবাৰে বিধায়ক নজৰুল হক আৰু বিধায়ক নিজানুৰ ৰহমানৰ নেতৃত্বত ধুবুৰী জিলা দলীয় কাৰ্যালয়ৰ পৰা ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়লৈ এক বৃহৎ প্ৰতিবাদী সমদল উলিয়ায় সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।

Capturefgfgg

প্ৰতিবাদকাৰীসকলে ভূৱা অভিযোগ দিয়া লোকক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা, অবৈধভাৱে ভাৰতীয় সংখ্যালঘু ৰাইজৰ নাম কৰ্তন বন্ধ কৰা আৰু সংখ্যালঘু বিশেষকৈ “মিঞা” শব্দ ব্যৱহাৰ কৰি কৰা তুচ্ছতাচ্ছিল্য কৰা মন্তব্যৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী তোলে। এই সন্দৰ্ভত শীঘ্ৰেই আদালতৰ কাষ চাপিব বুলিও জানিবলৈ দিয়ে AIUDF নেতৃত্বই।

Capturebgfbf

ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদকাৰীসকলে “বিজেপি গো বেক”, “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ”, “যথেচ্ছ নাম কৰ্তন বন্ধ কৰক” আদি শ্লোগানেৰে আকাশ-বতাহ কঁপাই তোলে। এই প্ৰতিবাত শতাধিক লোকে অংশগ্ৰহণ কৰে। 

ধুবুৰী