/asomiyapratidin/media/media_files/2026/03/05/ndalll-2026-03-05-13-00-13.jpeg)
ডিজিটেল ডেস্কঃ ৰাজ্যৰ ৰাজনীতি এৰি দিল্লীলৈ যাবৰ বাবে আনুষ্ঠানিকতা আৰম্ভ কৰিছে ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োৱে। শেহতীয়া বিটিচি নিৰ্বাচনত হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে যুঁজ দি পৰাজয় স্বীকাৰ কৰা প্ৰমোদ বড়ো বিজেপিৰ সৈতে এনডিএত মিত্ৰতাত আছে।
বিজেপিৰ দুই ৰাজ্যসভাৰ প্ৰাৰ্থীৰ সৈতে ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োৱে বৃহস্পতিবাৰে মনোনয়ন পত্ৰ জমা দিয়ে। প্ৰমোদ বড়োৰ এই মনোনয়ন পত্ৰ জমা দিবলৈ প্ৰয়োজন হোৱা ২০গৰাকী সমৰ্থক বিধায়কৰ তালিকাত আছিল AIUDFৰো বিধায়কৰ নাম।
যিসময়ত হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু লোকক অচিনাকী লোক আখ্যা দিছিল, সেই অচিনাকী বিধায়কৰ সমৰ্থনেৰে এনডিএৰ প্ৰাৰ্থী ৰূপে প্ৰমোদ বড়োৱে ৰাজ্যসভালৈ যোৱাৰ বাট নিশ্চিত কৰিলে। প্ৰমোদ বড়োৰ মনোনয়নত স্বাক্ষৰ কৰা এআইইউডিএফৰ তিনিজন বিধায়কৰ নাম পোহৰলৈ আহিছে। সেইসকল হল ক্ৰমে- আলগাপুৰৰ বিধায়ক নিজামউদ্দিন চৌধুৰী, হাইলাকান্দিৰ AIUDFৰ বিধায়ক জাকিৰ হুছেইন লস্কৰ আৰু সোনাই সমষ্টিৰ AIUDFৰ বিধায়ক কৰিমউদ্দিন বৰভূঞা।
এতিয়া প্ৰশ্ন হয়- ৰাজ্যসভাৰ নিৰ্বাচনত এনডিএৰ প্ৰাৰ্থী প্ৰমোদ বড়োক এআইইউডিএফে কি যুক্তিত সমৰ্থন আগবঢ়ালে। বদৰুদ্দিন আজমলৰ সন্মতি অবিহনে সেয়া কেতিয়াও সম্ভৱ নহয়। উক্ত তৃতীয়খন আসনৰ বাবে এআইইউডিএফে প্ৰথমে বদৰুদ্দিন আজমলক বিৰোধীয়ে উমৈহতীয়া প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰি লাগে বুলি দাবী তুলিছিল।
কিন্তু সেই দাবীৰ বিপৰীতে দেখা পোৱা গল- বিজেপিৰ নেতৃত্বাধীন এনডিএৰ প্ৰাৰ্থী প্ৰমোদ বড়োলৈ সমৰ্থন আগবঢ়াই কাৰ্যতঃ এনডিএৰে যেন অংশীদাৰ হল এআইইউডিএফ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষ সম্প্ৰদায়ক কেন্দ্ৰ কৰি যি কটাক্ষ মন্তব্য আগবঢ়াই সেই মন্তব্যৰ কোনো মূল্যই নাথাকিল দিছপুৰত।
মনোনয়ন পত্ৰ দাখিলৰ সময়ত বিজেপিৰ হৈ প্ৰমোদ বড়োক প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি আন নেতা-বিধায়কসকলে সংগ প্ৰদান কৰে। অৱশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মনোনয়ন পত্ৰ দাখিলৰ সময়ত প্ৰমোদ বড়োৰ সৈতে উপস্থিত নাছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us