/asomiyapratidin/media/media_files/2025/11/29/1-2025-11-29-17-58-02.jpg)
ডিজিটেল ডেস্কঃ বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী ঐশ্বৰ্য ৰায়। অভিনয়ৰ লগতে নিজ ব্যক্তিত্বৰ বাবেও মানুহৰ মাজত বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে অভিনেত্ৰীগৰাকীয়ে। এগৰাকী নাৰী হিচাপে প্ৰতিটো অন্যায়ৰ বিৰুদ্ধে মাত মাতি আহিছে অভিনেত্ৰীগৰাকীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/29/aishwarya-rai-bachchan-cannes-2025-2-2025-05-ec342741cdf6849d7d80a9ddf20be966-2025-11-29-17-55-03.webp)
শেহতীয়াকৈ, অভিনেত্ৰী গৰাকীৰ এটা পোষ্টে সামাজিক মাধ্যমত খলকনিৰ সৃষ্টি কৰিছে।অভিনেত্ৰীগৰাকীয়ে নাৰীৰ ওপৰত হোৱা অত্যাচাৰৰ সন্দৰ্ভত সামাজিক মাধ্যমত মুকলিকৈ দিয়া এটা বাৰ্তাৰ ভিডিঅ' বহুলভাৱে চৰ্চিত হৈছে। মহিলাসকলক এক শক্তিশালী বাৰ্তা দিছে অভিনেত্ৰীগৰাকীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/29/aishwarya_rai_bachchan_3-2025-11-29-17-55-24.jpg)
কছমেটিক সামগ্ৰী নিৰ্মাণৰত এটা জনপ্ৰিয় কোম্পানীৰ অনুষ্ঠানত উপস্থিত হৈ অভিনেত্ৰীগৰাকীয়ে কিছু মন্তব্য আগবঢ়াইছিল। অভিনেত্ৰীগৰাকীয়ে স্পষ্টকৈ কৈছে যে, এয়া মৌন হৈ থকাৰ সময় নহয়, এতিয়া বিৰোধৰ ভাষা আৰু অধিক স্পষ্ট হ’ব লাগিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/29/aishwarya-rai-bachchan-cannes-2025-2-2025-05-ec342741cdf6849d7d80a9ddf20be966-2025-11-29-17-56-02.webp)
ৰাজপথত কোনো লোকৰ নিৰ্যাতনৰ পৰা কিদৰে নিজক সুৰক্ষা প্ৰদান কৰিব পাৰি এই সন্দৰ্ভত ভিডিঅ' বনাই শ্বেয়াৰো কৰিছে অভিনেত্ৰীগৰাকীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/29/image-40-2025-11-29-17-57-15.png)
তাৰোপৰি, ঐশ্বৰ্য ৰায়ে কয়, বহু মানুহৰ মতে যদি আপুনি ৰাজপথত অশান্তি বা হাৰাশাস্তিৰ সন্মুখীন হয় তেন্তে আঁতৰি অহা ভাল। অন্যথা ই ডাঙৰ বিপদত পোলাব পাৰে। কিন্তু এনে কৰিলে অন্যায়ক আমি প্ৰশ্ৰয় দিয়া হ'ব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/29/image-39-2025-11-29-17-57-27.png)
ইয়াৰ বিপৰীতে মহিলাসকলক এনেধৰণৰ ঘটনাৰ বিৰোধীতা কৰিবলৈ উপদেশ দিয়ে অভিনেত্ৰীগৰাকীয়ে । তেওঁ কয়, এনে পৰিস্থিতিত ইয়াৰ ওপৰত মাত মাতি বিৰোধিতা কৰাতো আমাৰ দায়বদ্ধতা। এগৰাকী যুৱতীৰ কাপোৰ বা সা-সজ্জাক লৈ প্ৰশ্ন উত্থাপন কৰাতো গ্ৰহণযোগ্য নহয়। এগৰাকী নাৰীক নিৰ্যাতন কৰাৰ আগত তেওঁ কি কাপোৰ পিন্ধিছে সেয়া চাই নকৰে। যি সকলৰ মানসিকতা বেয়া তেনেধৰণৰ লোকে এনে কম কৰাৰ আগত চিন্তা নকৰে। প্ৰথমে নিজৰ মানসিকতা সলনি কৰাতো প্ৰয়োজন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us