/asomiyapratidin/media/media_files/2025/09/09/nhbbd-2025-09-09-11-39-43.jpg)
ডিজিটেল ডেস্কঃ বিশ্বজুৰি আতিথ্য খণ্ডত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰা এয়াৰ বি এন বিয়ে ভাৰততো বৃদ্ধি কৰিছে ব্যৱসায়ৰ পৰিসৰ। গ্ল’বেল হোম-শ্বেয়াৰিং প্লেটফৰ্মএয়াৰবিএনবেসোমবাৰে প্ৰকাশ কৰে যে, ২০২৪ চনত সমগ্ৰভাৰততপ্ৰায় ১.১১ লাখ চাকৰিৰ সৃষ্টি কৰিছে লগতে মজুৰিৰ ক্ষেত্ৰতো প্ৰায় ২৪০০ কোটি টকাৰ অৱদান আগবঢ়াইছে।
ভাৰতত এয়াৰবিএনবিৰ অৰ্থনৈতিক প্ৰভাৱ (২০২৫ চনৰ মে’) প্ৰতিবেদন অনুসৰি ২০২৪ চনত ভাৰততএয়াৰবিএনবিৰ অতিথি ব্যয়১১,২০০ কোটি টকা হয়, য’ত থকাৰ ব্যৱস্থা আৰু অবাস স্থানৰ খৰচ দুয়োটাকে অন্তৰ্ভুক্ত কৰা হৈছে।
অক্সফৰ্ড ইকনমিক্সৰ আৰু এয়াৰবিএনবিৰ কমিচনত নিৰ্মিত এই প্ৰতিবেদন ২০২৪ চনৰ কেলেণ্ডাৰ বৰ্ষৰ গ্লোবেল হোম-শ্বেয়াৰিং প্লেটফৰ্মৰ তথ্যৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। ইয়াৰ উপৰিও প্ৰতিবেদনত প্ৰকাশ পাইছে যে ২০২৪ চনত ভাৰতত এয়াৰবিএনবিৰ অতিথিৰ প্ৰায় ৯১ শতাংশ ঘৰুৱা ভ্ৰমণকাৰী আছিল, যিটো ২০১৯ চনত প্ৰায় ৭৯ শতাংশৰ তুলনাত বৃদ্ধি পাইছে।