Advertisment

বোমা আছে বোমা! আকাশতে লাগিল হাহাকাৰ...

বিমানখনৰ শৌচালয়ৰ পৰা ক্ৰু সদস্যই বোমাৰ ভাবুকি ভৰা এখন নোট পোৱা লগে লগে সোমবাৰে পাইলটে নিজৰ পথ সলনি কৰে। ৩০০ ৰো অধিক যাত্ৰীক কঢ়িওৱা বিমানখন মুম্বাইলৈ উভতি অহাৰ পিছতে নিৰাপত্তা সংস্থাসমূহৰ দ্বাৰা তন্ন-তন্নকৈ পৰীক্ষা কৰা হয়।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
নংমননন

ডিজিটেল ডেস্কঃ  এইবাৰ মুম্বাইৰ পৰা নিউয়ৰ্ক অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমানত বোমাতংক। প্ৰাপ্ত তথ্য অনুসৰি, বিমানখনৰ শৌচালয়ৰ পৰা ক্ৰু সদস্যই বোমাৰ ভাবুকি ভৰা এখন নোট পোৱা লগে লগে সোমবাৰে পাইলটে নিজৰ পথ সলনি কৰে

Advertisment

৩০০ ৰো অধিক যাত্ৰীক কঢ়িওৱা বিমানখন মুম্বাইলৈ উভতি অহাৰ পিছতে নিৰাপত্তা সংস্থাসমূহৰ দ্বাৰা তন্ন-তন্নকৈ পৰীক্ষা কৰা হয়। অৱশ্যে এই পৰ্যন্ত তদন্তত সন্দেহজনক একো লাভ কৰা নাই যদিও তদন্ত অব্যাহত ৰখা বুলি এগৰাকী আৰক্ষী বিষয়াই জনায়।

উল্লেখ্যযোগ্য যে, মঙলবাৰে পুৱা ৫ বজাত পুনৰ বিমানখনৰ যাত্ৰাৰ সময় নিৰ্ধাৰণ কৰা হৈছে। ব'য়িং ৭৭৭-৩০০ ই আৰ বিমানখনত ১৯ গৰাকী ক্ৰু সদস্যসহ ৩২২ গৰাকী লোক আছিল। সকলো যাত্ৰীক হোটেলত থকা, খোৱা আৰু অন্যান্য সহায় আগবঢ়োৱা বুলি এয়াৰ ইণ্ডিয়াই জানিবলৈ দিছে । প্ৰশাসনে ইতিমধ্যে বিষয়টো সন্দৰ্ভত অচিনাক্ত লোকৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিছে। 

বোমাতংক