এয়াৰ ইণ্ডিয়াই ১ ছেপ্টেম্বৰৰ পৰা স্থগিত ৰাখিব দিল্লী-ৱাশ্বিংটন নন ষ্টপ উৰণঃ আঁৰত আছে ডাঙৰ কাৰণ...

এয়াৰ ইণ্ডিয়াই ১ ছেপ্টেম্বৰ ২০২৫ৰ পৰা দিল্লী আৰু ৱাশ্বিংটনৰ মাজৰ বিমানৰ নন-ষ্টপ উৰণ স্থগিত কৰাৰ সিদ্ধান্ত লৈছে। এই সিদ্ধান্তৰ মূল কাৰণ হৈছে ৱাইড-বডি বিমানৰ অভাৱ।

author-image
Asomiya Pratidin
New Update
এয়াৰ ইণ্ডিয়াই ১ ছেপ্টেম্বৰৰ পৰা স্থগিত কৰিব দিল্লী-ৱাশ্বিংটন নন ষ্টপ উৰণঃ আঁৰত আছে ডাঙৰ কাৰণ...

ডিজিটেল ডেস্কঃ এয়াৰ ইণ্ডিয়াই ১ ছেপ্টেম্বৰ ২০২৫ৰ পৰা দিল্লী আৰু ৱাশ্বিংটনৰ মাজৰ বিমানৰ নন-ষ্টপ উৰণ স্থগিত কৰাৰ সিদ্ধান্ত লৈছে। এই সিদ্ধান্তৰ মূল কাৰণ হৈছে ৱাইড-বডি বিমানৰ অভাৱ। সপ্তাহত মুঠ পাঁচবাৰ চলা এই উৰণ মূলতঃ ব’ইং ৭৮৭ বিমানেৰে পৰিচালিত হৈ আহিছে, কাৰণ এয়াৰ ইণ্ডিয়াৰ অন্যান্য উত্তৰ আমেৰিকাৰ ৰুটৰ তুলনাত যাত্ৰীৰ সংখ্যা তুলনামূলকভাৱে কম। এয়াৰ ইণ্ডিয়াৰ অন্যান্য উত্তৰ আমেৰিকাৰ ৰুটসমূহ ব’ইং ৭৭৭ আৰু এয়াৰবাছ এ৩৫০ বিমানেৰে পৰিচালিত হয়।

১ ছেপ্টেম্বৰৰ পিছত ৱাশ্বিংটনৰ পৰা বা ৱাশ্বিংটনলৈ যাত্ৰাৰ বাবে টিকট বুক কৰা যাত্ৰীসকলক বিকল্প ভ্ৰমণৰ ব্যৱস্থা প্ৰদান কৰা হ’ব। তাৰোপৰি অন্য উৰণত পুনৰ বুকিং বা সম্পূৰ্ণ টিকটৰ ধন ঘূৰাই দিয়াৰ ব্যৱস্থাও কৰা হৈছে। যাত্ৰীসকলে পছন্দ অনুসৰি এই সুবিধা গ্ৰহণ কৰিব পাৰিব।

এয়াৰ ইণ্ডিয়াই এক বিবৃতিত কয়, “এই স্থগিতৰ মূল কাৰণ হৈছে এয়াৰ ইণ্ডিয়াৰ বিমানৰ সংখ্যাৰ পৰিকল্পিত অভাৱ। যোৱা মাহৰ পৰা এয়াৰলাইনছৰ ২৬খন ব’ইং ৭৮৭-৮ বিমানৰ ব্যাপক নবীকৰণ কাৰ্যসূচী আৰম্ভ হৈছে। এই নবীকৰণ কাৰ্যসূচীৰ লক্ষ্য হৈছে গ্ৰাহকৰ অভিজ্ঞতা উল্লেখযোগ্যভাৱে উন্নত কৰা। ইয়াৰ ফলত ২০২৬ চনৰ শেষলৈকে একাধিক বিমান দীৰ্ঘদিন ধৰি উপলব্ধ নহ’ব। ইয়াৰ উপৰিও পাকিস্তানৰ আকাশসীমা বন্ধ থকাৰ ফলত দীৰ্ঘ দূৰত্বৰ উৰণৰ পথ দীঘলীয়া হৈছে আৰু পৰিচালনাৰ জটিলতা বৃদ্ধি পাইছে।”

এয়াৰ ইণ্ডিয়াৰ গ্ৰাহকসকলে আমেৰিকাৰ চাৰিটা গেটৱে – নিউয়ৰ্ক (জে এফ কে), নিউৱৰ্ক (ই ডব্লিউ আৰ), চিকাগো, আৰু চান ফ্ৰান্সিস্কো –ৰ জৰিয়তে আলাস্কা এয়াৰলাইনছ, ইউনাইটেড এয়াৰলাইনছ, আৰু ডেল্টা এয়াৰলাইনছৰ সৈতে একক আইটেনেৰীত ৱান-ষ্টপ উৰণৰ সুবিধা লাভ কৰিব পাৰিব।এয়াৰ ইণ্ডিয়াই ভাৰতৰ পৰা উত্তৰ আমেৰিকাৰ ছটা গন্তব্যস্থানলৈ নন-ষ্টপ উৰণ পৰিচালনা কৰি থাকিব, য’ত কানাডাৰ টৰন্টো আৰু ভেংকুভাৰো অন্তৰ্ভুক্ত।

উল্লেখ্য যে, ক’ভিডৰ পিছত বিভিন্ন কাৰণত টাটাৰ ৪০০ মিলিয়ন ডলাৰৰ বিমান নবীকৰণ কাৰ্যসূচীক পিছুৱাই ৰাখিছে। এই ৪০০ মিলিয়ন ডলাৰৰ বিমান নবীকৰণৰ লক্ষ্য আছিল “গ্ৰাহকক বিশ্বমানৰ উৰণ অভিজ্ঞতা প্ৰদান কৰা আৰু পুৰণি বিমানৰ কাৰ্যকৰী নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰা।”

এই বিমান সংস্থাটোৰ মতে, এই কাৰ্যসূচী ২০২৮ চনৰ অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ হ’ব।এয়াৰ ইণ্ডিয়াই জনোৱা মতে, পুৰণি ৱাইড-বডি বিমানৰ নবীকৰণ কাৰ্যসূচী আৰম্ভ হৈছে।ব’ইং ৭৮৭ ড্ৰিমলাইনাৰৰ পৰা এই কাম আৰম্ভ হৈছে।

ইয়াৰ বাবেৱ প্ৰথমখন বিমান (ভি টি-এ এন টি) ২০২৫ চনৰ জুলাই মাহত কেলিফৰ্ণিয়াৰ ভিক্টৰভিলৰ ব’ইং সুবিধা কেন্দ্ৰলৈ উৰা মাৰিছে। দ্বিতীয়খন বিমান ২০২৫ চনৰ অক্টোবৰত একেটা কেন্দ্ৰলৈ যাব।দুয়োখন বিমান ২০২৫ চনৰ ডিচেম্বৰত পুনৰ সেৱালৈ ঘূৰি আহিব। 

২০২৭ চনৰ মধ্যভাগলৈ এয়াৰ ইণ্ডিয়াৰ ২৬খন ব’ইং ৭৮৭-৮ বিমানৰ নবীকৰণ কাৰ্যসূচী সম্পূৰ্ণ কৰিব। এই নবীকৰণত নতুন তিনিশ্ৰেণীৰ কনফিগাৰেচনৰ সৈতে বিজনেছ ক্লাছ, প্ৰিমিয়াম ইক’নমি, আৰু ইক’নমি ক্লাছৰ আসনৰ লগতে উন্নত ইনফ্লাইট এণ্টাৰটেইনমেণ্ট (আই এফ ই) ব্যৱস্থা, নতুন কাৰ্পেট, পৰ্দা, গৃহসজ্জা, শৌচাগাৰ, গেলী আদি স্থাপন কৰা হ’ব।

আনহাতে ২০২৭ চনৰ পৰা এয়াৰ ইণ্ডিয়াই তেওঁলোকৰ ১৩খন পুৰণি ব’ইং ৭৭৭-৩০০ ই আৰ বিমানৰ নবীকৰণ আৰম্ভ কৰিব, যি ২০২৮ চনৰ অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ হ’ব।

টাটা এয়াৰ ইণ্ডিয়া