উৰিবলৈ লওঁতেই এয়াৰ ইণ্ডিয়াৰ বিমানৰ ইঞ্জিনত লাগিল জুঁই...

নৰ এক ডাঙৰ অঘটন হোৱাৰ পৰা কোনোমতে ৰক্ষা পৰিল এয়াৰ ইণ্ডিয়াৰ বিমান। দিল্লীৰ পৰা ইন্দোৰলৈ এখন বিমান উৰা মৰিবলৈ লওঁতেই ইঞ্জিনত লাগে জুই। বিপদ সংকেত পোৱাৰ

author-image
Asomiya Pratidin
New Update
ffffffffffff

ডিজিটেল ডেস্কঃ পুনৰ এক ডাঙৰ অঘটন হোৱাৰ পৰা কোনোমতে ৰক্ষা পৰিল এয়াৰ ইণ্ডিয়াৰ বিমান। দিল্লীৰ পৰা ইন্দোৰলৈ এখন বিমান উৰা মৰিবলৈ লওঁতেই ইঞ্জিনত লাগে জুই। বিপদ সংকেত পোৱাৰ পাছতে জৰুৰীকালীন ভাৱে পুনৰ বিমানখন অৱতৰণ কৰে পাইলটে। 

বিপদ সংকেত লাভ কৰাৰ পাছতে বিমানখন অৱতৰণ কৰি ততক্ষণাত ইঞ্জিন বন্ধ কৰি দিয়ে পাইলটে। ইয়াৰ পিছতে দিল্লী বিমানবন্দৰত সকলো যাত্ৰীক উক্ত AI2913 বিমানখনৰ পৰা সুকলমে নমোৱা হয়।  পাইলটে জনোৱা মতে, বিমানখনৰ বাওফালৰ ইঞ্জিনটোত জুই লগাৰ সংকেত লাভ কৰিছিল।

এই ঘটনা সংঘটিত হোৱাৰ পাছতে বিমান যাত্ৰীসকলে বিমানৰ ভিতৰত এক হুৱা-দুৱা পৰিৱেশৰ সৃষ্টি কৰে। কিন্তু পাইলটগৰাকীৰ সাৱধানতাৰ বাবেই পুনৰ অৱতৰণ কৰি সুকলমে যাত্ৰীসকলক নমোৱা হয় বিমানৰ পৰা। 

এয়াৰ ইণ্ডিয়াই সকলো যাত্ৰীৰ বাবে বিকল্প বিমানৰ ব্যৱস্থা কৰিছে বুলি সদৰি কৰিছে। 

এয়াৰ ইণ্ডিয়া