উৰণৰ পাছতে বিকল এয়াৰ ইণ্ডিয়াৰ বিমানৰ ইঞ্জিন

পুনৰ আন এক দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে এয়াৰ ইণ্ডিয়াৰ এখন বিমান। কোনো ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্বেই অৱশ্যে পাইলটে বিমানখনৰ জৰুৰীকালীন অৱতৰণ কৰিবলৈ সক্ষম হয়।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-22 at 5.07.34 PM

ডিজিটেল ডেস্কঃ  কি হৈছে এয়াৰ ইণ্ডিয়াৰ বিমানৰ। ইটোৰ-পাছত সিটো ঘটনা দিনক দিনে বৃদ্ধি পাই আহিছে এয়াৰ ইণ্ডিয়াৰ বিমানৰ। এয়াৰ ইণ্ডিয়াৰ বিমানত যাত্ৰা কৰাত এতিয়া অসুৰক্ষিত হৈ পৰিছে যাত্ৰীসকল।পুনৰ আন এক দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে এয়াৰ ইণ্ডিয়াৰ এখন বিমান। কোনো ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্বেই অৱশ্যে পাইলটে বিমানখনৰ জৰুৰীকালীন অৱতৰণ কৰিবলৈ সক্ষম হয়।

c9ddee84-397b-4cec-acde-711c163e28cc

উল্লেখ্য যে,দিল্লীৰ পৰা মুম্বাইলৈ উৰণ আৰম্ভ কৰিছিল এয়াৰ ইণ্ডিয়াৰ বিমান AI887 নে । কিন্তু বিমানখন উৰণৰ ঠিক পাছতে কাৰিকৰী সমস্যাৰ বাবে  দল্লী বিমানবন্দৰত  জৰুৰীকালীন অৱতৰণ কৰিব লগা হয়। ইপিনে বিমানখন নিৰাপদে অৱতৰণ কৰাৰ পাছত যাত্ৰীসকলৰ লগতে ক্ৰু মেম্বাৰসকলক নিৰাপদে বাহিৰলৈ উলিয়াই অনা হয় । 

5e58b177-cf9b-4c48-bbcc-5052feff6a23

প্ৰণিধানযোগ্য যে, এই ঘটনাৰ সন্দৰ্ভত বিমান সংস্থাটোৱে কয় যে- দিল্লীৰ পৰা মুম্বাইলৈ যোৱা AI887 বিমানখনৰ ক্ৰুৱে উৰণৰ লগে লগে কাৰিকৰী বিজুতিৰ কথা গম পায় বিমানখন  দিল্লীলৈ উভতাই লৈ যোৱাৰ সিদ্ধান্ত লৈছিল। বিমানখন নিৰাপদে দিল্লীত অৱতৰণ কৰা হয় । এই অভাৱনীয় পৰিস্থিতিৰ বাবে যাত্ৰীসকলৰ ওচৰত ক্ষমা বিচাৰিছে এয়াৰ ইণ্ডিয়াই । 

a465a393-29c9-4d8b-9fa9-b79d0194de8d

এয়াৰ ইণ্ডিয়া