অমৃতসৰৰ পৰা বাৰ্মিংহাম অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানত দুৰ্ঘটনা...

অমৃতসৰৰ পৰা ব্ৰিটেইনৰ বাৰ্মিংহাম অভিমুখী এয়াৰ ইণ্ডিয়াৰ ব’য়িং ড্ৰিমলাইনাৰ ৭৮৭-৮ বিমানত শনিবাৰে সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা।

author-image
Asomiya Pratidin
New Update
DFDTGRT

ডিজিটেল ডেস্কঃ অমৃতসৰৰ পৰা বাৰ্মিংহাম অভিমুখী এয়াৰ ইণ্ডিয়াৰ ব’য়িং ড্ৰিমলাইনেৰ ৭৮৭-৮ বিমানত শনিবাৰে সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। বিমানখন আকাশমাৰ্গত থকা অৱস্থাত হঠাতে খুলি পৰে ইয়াৰ Ram Air Turbine (RAT) — যাক বিমানৰ “শেষ আশাৰ যন্ত্ৰ” বুলি গণ্য কৰা হয়। এই ঘটনাটোৱে বিগত জুন মাহৰ AI ১৭১ বিমানৰ ভয়ংকৰ দুৰ্ঘটনাৰ ভয়াবহ স্মৃতি পুনৰ সজীৱ কৰি তুলিলে, য’ত ২৭৪ জন যাত্ৰীৰ মৃত্যু হৈছিল।

একেই ধৰণৰ ড্ৰিমলাইনাৰ, একেই সংস্থা, আৰু একেই ৰেট (RAT) খোলাৰ ঘটনা — এই সকলোবোৰে দুই দুর্ঘটনাৰ মাজত ভয়াবহ সাদৃশ্যৰ সংকেত দিছে। সাধাৰণতে RAT খুলি পৰে বিমানৰ দুয়োটা ইঞ্জিন বিফল হ’লে, আৰু ই বিমানক বৈদ্যুতিক আৰু হাইড্ৰ’লিক শক্তি লাভ কৰিবলৈ সহায় কৰে।

কিন্তু শনিবাৰৰ দিনা সংঘটিত ঘটনাত সকলো বৈদ্যুতিক আৰু হাইড্ৰ’লিক প্ৰণালী স্বাভাৱিক পোৱা যায়, আৰু বিমানখনে নিৰাপদে বিৰ্মিংহামত অৱতৰণ কৰে। কোনো ইঞ্জিনৰ বিফলতা ধৰা নপৰিলেও RAT কেনেকৈ খুলি পৰিল, তাৰ অনুসন্ধান চলি আছে। তদন্তৰ বাবে বিমানখনত গভীৰ পৰীক্ষা আৰম্ভ কৰা হৈছে। আনহাতে বিমানখনৰ সকলো যাত্ৰী সুৰক্ষিত বুলি বিশেষ সূত্ৰই জানিবলৈ দিছে।

উল্লেখযোগ্য যে, জুন মাহত আহমেদাবাদৰ AI ১৭১ বিমান দুৰ্ঘটনাৰ পূৰ্বেও ঠিক একে ধৰণৰ RAT খুলি পৰিছিল। তেতিয়া এক ভাইৰেল ভিডিঅ’ত দেখা গৈছিল, উৰণৰ কেইছেকেণ্ডমান পাছতে যন্ত্ৰটো খুলি পৰিছে। আমেৰিকাৰ প্ৰাক্তন নেভি পাইলট কেপ্টেন স্টিভ ছাইব্‌নেৰে তেতিয়াৰ ভিডিঅ’ পৰ্যালোচনা কৰি কয়, “এটা উচ্চস্বৰত গৰ্জন শুনা গৈছিল, যিটো RAT কাম কৰি থকা অৱস্থাত হোৱা শব্দ। ঠিক যেন Cessna বিমানেৰ প্ৰপেলাৰৰ দৰে। RAT মাটিৰ পৰা ৪০০–৫০০ ফুট ওপৰত হঠাতে শক্তি হেৰুৱা বিমানৰ বাবে উপযোগী নহয়। ইঞ্জিন পুনৰ আৰম্ভ কৰাৰ সময় নাথাকে।”

বিমান পৰিবহন বিমান সেৱা বিমান দুৰ্ঘটনা