/asomiyapratidin/media/media_files/2026/03/06/242-2026-03-06-09-41-08.jpg)
ডিজিটেল ডেস্ক : কাৰ্বি আংলং জিলাৰ চোকীহোলা অঞ্চলৰ নিলিপ ব্লকৰ দূৰ্গম পাহাৰীয়া এলেকা এটাত বৃহস্পতিবাৰে সন্ধিয়া ভাৰতীয় বায়ুসেনাৰ ছুখয় ছু-৩০ যুঁজাৰু বিমান দুৰ্ঘটনাতপতিত হয়। বিমানখন যোৰহাটৰ পৰা উৰা মাৰি চোকীহোলাত দুৰ্ঘটনাতপতিত হয় সন্ধিয়া।
উল্লেখযোগ্য যে, এই বিমান দুৰ্ঘটনাত দুজন পাইলট নিহত হোৱা বুলি নিশ্চিত কৰিছে বায়ুসেনাই। বায়ুসেনাৰ নিহত পাইলট দুজনৰ নাম হৈছে Sqn Ldr Anuj আৰু Flt Lt Purvesh Duragkar। এই দুয়োগৰাকী পাইটলৰ বিয়োগত শোক প্ৰকাশ কৰিছে বাসুসেনাই।
উল্লেখ কৰা প্ৰয়োজন যে, উক্ত দিনা সন্ধিয়া প্ৰায় ৭-০০ বজাত অঞ্চলটোৰ এটা ওখ পাহাৰৰ দিশৰ পৰা প্ৰচণ্ড বিস্ফোৰণ সদৃশ শব্দ শুনা গৈছিল। শব্দটো ইমানেই জোৰেৰে হৈছিল যে আশে-পাশে থকা গাঁওসমূহত আতংক বিয়পি পৰিছিল। প্ৰত্যক্ষদৰ্শীৰ মতে, বিস্ফোৰণৰ শব্দ পাহাৰত প্ৰতিধ্বনিত হৈ সমগ্ৰ অঞ্চল কঁপাই তোলে।
IAF acknowledges the loss of Sqn Ldr Anuj and Flt Lt Purvesh Duragkar, who sustained fatal injuries in the Su-30 crash. All personnel of the IAF express sincere condolences, and stand firmly with the bereaved family in this time of grief.@DefenceMinIndia@SpokespersonMoD… pic.twitter.com/zUtfUJ2ewr
— Indian Air Force (@IAF_MCC) March 6, 2026
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us