মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু...

AIMIMৰ মুৰব্বী আছাছুদ্দিন ওৱেছীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। এটা ভিডিঅ’ক লৈ হায়দৰাবাদৰ সাংসদগৰাকীয়ে এই গোচৰ ৰুজু কৰে।

author-image
Asomiya Pratidin
New Update
HIMANTAOWAISI

ডিজিটেল ডেস্কঃ AIMIMৰ মুৰব্বী আছাছুদ্দিন ওৱেছীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। এটা ভিডিঅ’ক লৈ হায়দৰাবাদৰ সাংসদগৰাকীয়ে এই গোচৰ ৰুজু কৰে। ওৱেছীয়ে সামাজিক মাধ্যমত এক পোষ্ট কৰি জনাই যে- হায়দৰাবাদৰ আৰক্ষী আয়ুক্তৰ হাতত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰুজু কৰিছে এই গোচৰ। 

দৰাচলতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা সম্পাদিত ভিডিঅ’ সামাজিক মাধ্যমত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে। এই ভিডিঅ’টো AIৰো ব্যৱহাৰ কৰা হয়। য’ত মুখ্যমন্ত্ৰীৰ লগতে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈকো দেখা পোৱা গৈছে। কিন্তু ভাইৰেল হৈ পৰাৰ পাছতে ডিলিট কৰি দিয়া হয় ভিডিঅ’টো।

ওৱেছীৰ মতে, এই ভিডিঅটোৰ জৰিয়তে মুছলমান ধৰ্মাৱলম্বী লোকৰ ধৰ্মীয় অনুভূতিত প্ৰচণ্ড আঘাত কৰা হৈছে। সেয়েহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে আছাদুদ্দিন ওৱেছীয়ে। 

ইয়াৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে- ‘মই জে’ললৈ যাবলৈ সাজু। মই কি কৰিব পাৰো? এই ভিডিঅ’টোৰ বিষয়ে মই একোৱেই নাজানো। যদি তেওঁ মোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে, তেন্তে মোক গ্ৰেপ্তাৰ কৰক। মই তাত একো কৰিব নোৱাৰো। কিন্তু মই মোৰ কথাত অটল থাকিম। মই বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰোধিতা কৰি থাকিম।’

হিমন্ত বিশ্ব শৰ্মা