সাৱধান! গহপুৰত ভয়াৱহ হাৰত বৃদ্ধি পাইছে এইডছ ৰোগীৰ সংখ্যা...

প্ৰথম অৱস্থাত এনেধৰণৰ ৰোগীৰ সংখ্যা তেনেই তাকৰ আছিল যদিও ক্ৰমাগতভাবে এইডছ আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা বিষয়টো অতি উদ্বেগজনক আৰু চিন্তনীয় হৈ পৰিছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ  গহপুৰ সমজিলাৰ বিভিন্ন প্ৰান্তত মানৱ সমাজৰ বাবে ঘাটক হিচাপে চিহ্নিত হোৱা মৰাত্মক এইডছ আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে । ২০১১ চনৰ পৰা চলিত বৰ্ষৰ আগষ্ট মাহলৈকে গহপুৰ সমজিলাত মুঠ ৫২ গৰাকী এইডছ আক্ৰান্ত ৰোগী ধৰা পৰিছে।

উক্ত ৫২ গৰাকী এইডছ আক্ৰান্ত ৰোগীৰ ভিতৰত ৯ জনৰ মৃত্যু হোৱা বুলি তথ্য লাভ কৰা হৈছে। প্ৰথম অৱস্থাত এনেধৰণৰ ৰোগীৰ সংখ্যা তেনেই তাকৰ আছিল যদিও ক্ৰমাগতভাবে এইডছ আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা বিষয়টো অতি উদ্বেগজনক আৰু চিন্তনীয় হৈ পৰিছে।

এইক্ষেত্ৰত বিভিন্ন প্ৰান্তত মাজে সময়ে চৰকাৰী ভাবে চলোৱা সজাগতা সভাই একাংশ লোকক ঢুকি নোপোৱা কিম্বা তেনে লোকসকল সজাগ আৰু সতৰ্ক নোহোৱাৰ বাবেই গহপুৰ সমজিলাত এইডছ আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা বুলি মন্তব্য কৰিছে সচেতন ৰাইজে।

জানিব পৰা মতে, গহপুৰৰ ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ত অসম ৰাজ্যিক এইডছ কণ্ট্ৰল চছাইটিৰ অধীনত থকা সংহত পৰামৰ্শ দান আৰু তেজ পৰীক্ষণ কেন্দ্ৰৰ পৰামৰ্শ দাতা তথা বিশ্বনাথ জিলাৰ এইছ আই ভি,এইডছৰ সমল ব্যক্তি মিকুমণি শৰ্মাৰ নেতৃত্বত গহপুৰ সমজিলাৰ বিভিন্ন প্ৰান্তত সজাগতা সভা অনুষ্ঠিত কৰি থকা হৈছে।

চলিত বৰ্ষৰ ১৩ আগষ্টৰ পৰা ১২ অক্টোবৰলৈকে এক কাৰ্য্যসূচী প্ৰস্তুত কৰি বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, গাঁও-চুবুৰীত চলাই থকা হৈছে এইছ আই ভি-এইডছ সম্পৰ্কীয় সজাগতা সভা। সজাগতা সভা সমূহত এইডছৰ ভয়াবহতা আৰু এই ৰোগৰ সংক্ৰমণৰ বিষয়ে বুজাই কোৱা হৈছে।

পৰিৱেশ-পৰিস্থিতিয়ে জুয়ে পুৰি হাত নৌপাওতেই যদি সজাগতা বৃদ্ধিৰ জৰিয়তে ইয়াক প্ৰতিৰোধ কৰিব পৰা নাযায় তেন্তে মানৱ সমাজৰ বাবে ই ধ্বংস মাতি আনিবলৈ বেছি পৰ নালাগিব বুলি মন্তব্য কৰিছে গহপুৰৰ সচেতন ৰাইজে।

গহপুৰ