/asomiyapratidin/media/media_files/2026/01/04/fffff-2026-01-04-10-28-25.jpg)
ডিজিটেল ডেস্কঃ ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে শাসকপক্ষৰ সমান্তৰালকৈ যুদ্ধকালীন প্রস্তুতি চলাইছে কংগ্রেছেও। ইয়াৰ অংশস্বৰূপেই আজি নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে (এ আই চি চি) অসমৰ আগত বিধানসভা নির্বাচনৰ বাবে প্রিয়ংকা গান্ধীক অধ্যক্ষৰূপে লৈ গঠন কৰে স্ক্রীনিং কমিটী।
অসমৰ বাবে গঠন কৰা স্ক্রীনিং কমিটীৰ সদস্যসকল হ'ল সপ্তগিৰি শংকৰ, উলাকা, ইমৰাণ মাছুদ আৰু ড° চিৰিভেল্লা প্রসাদ। অসমৰ লগতে বিধানসভা নির্বাচন অনুষ্ঠিত হ'বলগীয়া কেৰালা, তামিলনাডু, পুডুচেৰী আৰু পশ্চিমবংগৰ বাবেও আজি স্ক্রীনিং কমিটী গঠন কৰা হয়।
কেৰালাৰ বাবে মধুসূদন মিস্ত্রীক অধ্যক্ষৰূপে লৈ স্ক্রীনিং কমিটী গঠন কৰাৰ সমান্তৰালকৈ পশ্চিমবংগৰ বাবে বি কে হৰিপ্ৰসাদ তথা তামিলনাডু আৰু পুডুচেৰীৰ বাবে টি এছ সিং দেওক অধ্যক্ষরূপে লৈ স্ক্রীনিং কমিটী গঠন কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us