/asomiyapratidin/media/media_files/2026/02/19/156-2026-02-19-17-31-14.jpg)
ডিজিটেল ডেস্ক : বৃহস্পতিবাৰে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হয় ইণ্ডিয়া এ আই সন্মিলন। এই সন্মিলনত উপস্থিত থাকি ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
সন্মিলনত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়- একাংশ লোকে কৃত্ৰিম বুদ্ধিমত্তাৰ উত্থানৰ আশংকা কৰিলেও ভাৰতে ইয়াৰ ভৱিষ্যৎ দেখিছে। দিল্লীত অনুষ্ঠিত ভাৰত এ আই শীৰ্ষ সন্মিলনে প্ৰযুক্তিগত আশাবাদৰ বাৰ্তা আগবঢ়াইছে।’
যেতিয়া কিছুমানে এ আইত ভয় দেখে, তেতিয়া আন কিছুমানে তাত ভৱিষ্যৎ দেখে। মই গৌৰৱেৰে ক’ব পাৰোঁ যে ভাৰতে কৃত্ৰিম বুদ্ধিমত্তাত নিজৰ ভৱিষ্যৎ বিচাৰি পাইছে বুলি মন্তব্য কৰে মোডীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/19/636409488_171106-2026-02-19-17-32-07.jpg)
উল্লেখযোগ্য যে, ডিজিটেল যুগত পৰিবৰ্তনৰ দ্ৰুতগতিক উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়- এআইয়ে মেচিনসমূহক বুদ্ধিমান কৰি তুলিছে। কিন্তু তাৰো অধিক গুৰুত্বপূৰ্ণ কথাটো হ’ল ই মানৱসামৰ্থ বহুগুণে বৃদ্ধি কৰিছে।
আগতে প্ৰযুক্তিৰ প্ৰভাৱ দৃশ্যমান হ’বলৈ দশক দশক লাগিছিল। আজি মেচিন লাৰ্নিঙৰ পৰা ‘লাৰ্নিং মেচিন’লৈ যাত্ৰা আগতে কেতিয়াও নোহোৱা দৰে দ্ৰুত, গভীৰ আৰু বিস্তৃত হোৱা বুলি তেওঁ মন্তব্য কৰে।
উল্লেখযোগ্য যে, এই সন্মিলনত বিভিন্ন দেশৰ ভালেসংখ্যক প্ৰতিনিধি আৰু নেতৃবৰ্গই অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us