ভাৰতত হ’ব ২০৩০ চনৰ কমনৱেলথ গেমছ

ভাৰতে দুটা দশকৰ পাছত পুনৰ এই মাল্টি-স্পৰ্ট ইভেণ্টৰ আয়োজন কৰিবলৈ সাজু হৈছে। ইয়াৰ পূৰ্বে ভাৰতে ২০১০ চনত নতুন দিল্লীত কমনৱেলথ গেমছৰ আয়োজক আছিল।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ ভাৰতত হ’ব ২০৩০ চনৰ কমনৱেলথ গেমছ। আহমেদাবাদত অনুষ্ঠিত হ’ব  এই ক্ৰীড়া সমাৰোহ। ইপিনে বুধবাৰে ভেন্যু হিচাপে আহমেদাবাদৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে । ভাৰতে দুটা দশকৰ পাছত পুনৰ এই মাল্টি-স্পৰ্ট ইভেণ্টৰ আয়োজন কৰিবলৈ সাজু হৈছে। ইয়াৰ পূৰ্বে ভাৰতে ২০১০ চনত নতুন দিল্লীত কমনৱেলথ গেমছৰ আয়োজক আছিল।

উল্লেখযোগ্য যে , আহমেদাবাদে বিগত দশকত ক্ৰীড়াৰ আন্তঃগাঁথনি দ্ৰুতগতিত উন্নতি সাধন কৰিছে। মূল স্থানসমূহৰ ভিতৰত আছে চৰ্দাৰ বল্লভভাই পেটেল স্প’ৰ্টছ এনক্লেভ, য’ত নৰেন্দ্ৰ মোডী ষ্টেডিয়াম, এটা একুৱাটিকছ চেণ্টাৰ, ফুটবল ষ্টেডিয়াম আৰু নতুন ইনড’ৰ এৰিনা আদি থাকিব। ইপিনে ২০৩০ চনত কমনৱেলথ গেমছে শতবাৰ্ষিকী পালন কৰিব।

জানিব পৰা মতে, এই সিদ্ধান্তই ২০৩৬ অলিম্পিকৰ আয়োজক হোৱাৰ ভাৰতৰ উচ্চাকাংক্ষাকো যথেষ্ট শক্তি যোগাইছে। ইপিনে আহমেদাবাদে কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপ আৰু এছিয়ান একুৱাটিকছ চেম্পিয়নশ্বিপৰ দৰে আন্তঃৰাষ্ট্ৰীয় ইভেণ্টসমূহ সফলতাৰে আয়োজন কৰিছে। 

তাৰোপৰি, কমনৱেলথ গেমছৰ ৭৪ জনীয়া সাধাৰণ পৰিষদে সভাত ভাৰতক চূড়ান্ত অনুমোদন জনোৱা পৰিলক্ষিত হয় । 

আহমেদাবাদ কমনৱেল্থ গেমছ