আহমেদাবাদ বিমানবন্দৰত আবদ্ধ অসমৰ কেইবাজনো যাত্ৰী

কুৱেইটৰ পৰা ইণ্ডিগ' বিমানেৰে আহমেদাবাদলৈ আহিছিল বহু যাত্ৰী। আনপিনে আহমেদাবাদৰ পৰা অসম অভিমুখী সংযোগী বিমান বাতিল হোৱাত সকলো এতিয়া বিপদত পৰিছে। 

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-08 at 5.35.40 PM

ডিজিটেল ডেস্কঃ ইণ্ডিগ' এয়াৰলাইন্সৰ সমস্যা এতিয়াও  হোৱা নাই সমাধান। বিভিন্ন বিমানবন্দৰত বিমান উৰণৰ সমস্যা সমাধান হোৱা নাই। দেশৰ ভিন্ন প্ৰান্তৰ বিমানবন্দৰত আৱদ্ধ হৈ পৰিছে হাজাৰ হাজাৰ যাত্ৰী। 

IndiGo flights getting cancelled ...

উল্লেখ্য যে, ইণ্ডিগ'ৱে বাতিল কৰা সকলো বুকিঙৰ বাবে স্বয়ংক্ৰিয় ধন ঘূৰাই দিয়াৰ কথা ঘোষণা কৰিছিল। ইপিনে ৫ৰ পৰা ১৫ ডিচেম্বৰৰ ভিতৰত যিমানে ইণ্ডিগ'ৰ বুকিং কৰিছিল সেয়া সকলো বাতিল কৰাৰ লগতে পুনৰ নিৰ্ধাৰণৰ চাৰ্জৰ সম্পূৰ্ণ ৰেহাই ঘোষণা কৰে। ইপিনে কুৱেইটৰ পৰা ইণ্ডিগ' বিমানেৰে আহমেদাবাদলৈ আহিছিল বহু যাত্ৰী। আনপিনে আহমেদাবাদৰ পৰা অসম অভিমুখী সংযোগী বিমান বাতিল হোৱাত সকলো এতিয়া বিপদত পৰিছে। 

images (6)

তাৰোপৰি ইণ্ডিগ'ৰ চলি থকা কাৰ্যকৰী সংকটৰ মাজতে আজি বিয়লি ২ বজালৈকে আহমেদাবাদ বিমানবন্দৰত ২৮খন বিমান বাতিল কৰে। ইপিনে,এসপ্তাহ ধৰি সমগ্ৰ দেশতে ইণ্ডিগ'ৰ বিমান বাতিল হোৱাৰ বহু তথ্য প্ৰকাশ পাইছে। এতিয়া এই সমস্যাৰ বাবে বহু যাত্ৰী য’ত আছিল তাতেই আবদ্ধ হৈ পৰিছে। ইয়াৰে অসমৰ একাংশ যাত্ৰী আহমেদাবাদত আবদ্ধ হৈ আছে। 

images (7)

উল্লেখ্য যে ইণ্ডিগ’ৰ এই সমস্যাৰ বাবে বিমান ভাড়া ইমানেই আকাশলংঘী হৈ পৰিছে যে একাংশ যাত্ৰীয়ে অন্য বিমানত যাত্ৰা কৰিবলৈও বহুবাৰ চিন্তা কৰিব লগাত পৰিছে। ইমানেই নহয়  উপায়ন্তৰ হৈ  বহু লোকে ভাড়া দি হোটেলত থাকিবলৈ বাধ্য হৈছে। আনপিনে বিমান সংস্থাসমূহৰ পৰা উপযুক্ত সঁহাৰি পোৱা নাই বুলিও অভিযোগ উত্থাপন কৰিছে একাংশ বিমানযাত্ৰীয়ে। 

আহমেদাবাদ ইণ্ডিগ’ বিমান