কোটি টকাৰ হৰলুকি! কৃষক সংগঠনৰ উত্তাল প্ৰতিবাদ

প্ৰতিবাদী ৰাইজে আইনী সুৰুঙাৰে মুকলি আকাশৰ তলত বিচৰণ কৰা অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, চিলাপথাৰঃ অসম গ্ৰামীণ বিকাশ বেংকৰ বেংক মিত্ৰৰ লগতে বেংক বিষয়াৰ গ্ৰেপ্তাৰৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত প্ৰতিবাদৰ বাবে ওলাই আহিল  হাজাৰ হাজাৰ মহিলা।  গ্ৰামীণ বিকাশ বেংকত উপস্থিত হৈ মহিলা সকলে জিন্টি চুতীয়া বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ কৰক,গ্ৰামীণ বিকাশ বেংক হাই হাই,তদানীন্তন বেংক বিষয়া আৰু কোষক গ্ৰেপ্তাৰ কৰক,অসম আৰক্ষী কাম নাই' আদি শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। 

অভিযোগ মতে,অঞ্চলটোৰ ৪৫ টা আত্মসহায়ক গোটে শাখাটোৰ পৰা SRLM'ৰ জৰিয়তেই লৈছিল ঋণ। পৰৱৰ্তী সময়ত জিন্টিয়ে বেংকৰ চীল আৰু ৰিচিভ বহী সংগ্ৰহ কৰে প্ৰায় কৌটি টকাৰ কিস্তিৰ ধন। পিছে ঋণ পৰিশোধৰ পিছত গোটৰ সদস্যাই পুনৰ ঋণ বিচাৰি বেংকলৈ যোৱাত ভয়ংকৰ জলিয়াতিৰ কথা পোহৰলৈ আহে। ইপিনে জিন্টিয়ে গোটৰ পৰা কিস্তিৰ ধন উঠাই লৈ জমা কৰা নাছিল বেংকত। ফলত প্ৰতিটো গোটৰ নামত ৬ লক্ষকৈ ঋণ অনাদায় হৈ থকা বুলি জানিব পাৰি ৰাইজৰ মূৰত সৰহ ভাগি পৰে। উপায় নোহোৱাত ৰাইজে আইনৰ আশ্ৰয় লয় যদিও অভিযুক্তই আগতীয়া জামিন ল'বলৈ সক্ষম হয় । 

প্ৰতিবাদী ৰাইজে আইনী সুৰুঙাৰে মুকলি আকাশৰ তলত বিচৰণ কৰা অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে। ইপিনে এই বিষয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ আহ্বান জনায়। 

WhatsApp Image 2025-12-03 at 3.23.11 PM

চিলাপথাৰ অসম গ্ৰামীণ বিকাশ বেংক