কৃষক পঞ্জীয়ন নিশ্চিত নকৰিলে হেৰুৱাব লাগিব কৃষি আঁচনিৰ সুবিধা

কৃষক পঞ্জীয়ন প্ৰক্ৰিয়াৰ পৰা যাতে কোনো যোগ্য কৃষক বঞ্চিত হ'বলগীয়া নহয় সেই উদ্দেশ্যে মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত আৰু কৃষি বিভাগৰ উদ্যোগত কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া তীব্ৰতৰ কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
gfgtdefswdsdsd

ডিজিটেল সংবাদ, মায়ংঃ কৃষক পঞ্জীয়ন প্ৰক্ৰিয়াৰ পৰা যাতে কোনো যোগ্য কৃষক বঞ্চিত হ'বলগীয়া নহয় সেই উদ্দেশ্যে মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত আৰু কৃষি বিভাগৰ উদ্যোগত কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া তীব্ৰতৰ কৰা হৈছে।

বুধবাৰে মৰিগাঁও জিলা কৃষি বিভাগে সৰ্বাধিক কৃষকৰ পঞ্জীয়ন নিশ্চিত কৰা উদ্দেশ্যে ১৬খন গাঁও পঞ্চায়ত যেনে উত্তৰধৰমতুল, পাঘালী, কলমৌবাৰী, বাঘজাপ, বৰপাক, বুঢ়াবুঢ়ী, বালিডোংগা, শ'লমাৰী, গৰমাৰী, অমৰাগুৰি, নিজ গেৰুৱা, নাগাবান্ধা, দলৈগাঁও, কচৈবৰি, টাতিকটা আৰু মায়ঙক সামৰি কৃষক পঞ্জীয়ন বিশেষ শিবিৰ আয়োজন কৰে।কৃষক পঞ্জীয়নৰ বাবে ৩১ জানুৱাৰী, ২০২৬ তাৰিখ অন্তিম সময়সীমা হিচাপে নিৰ্ধাৰিত কৰাৰ পিছতে এই বিশেষ শিবিৰৰ জৰিয়তে কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া নিশ্চিত কৰাৰ ব্যৱস্থা কৰাৰ উপৰি সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰা হয়।

উল্লেখ্য যে, পি. এম. কিষাণ আঁচনিৰ লগতে কৃষি বিভাগৰ দ্বাৰা ৰূপায়িত বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰিবলৈ কৃষক পঞ্জীয়ন বাধ্যতামূলক। এই কৃষক পঞ্জীয়নৰ জৰিয়তে কৃষক সকলে এক পৰিচয় লাভ কৰাৰ লগতে ইয়াৰ জৰিয়তে আঁচনিৰ সুবিধা লাভ কৰা সহজ হৈ পৰিব। মৰিগাঁও জিলা কৃষি বিভাগে কৃষি উন্নয়ন বিষয়া, কৃষি সম্প্ৰসাৰন সহায়ক আৰু গাঁওপ্ৰধান সকলৰ জৰিয়তে ইতিমধ্যেই কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া তৰাম্বিত কৰাৰ লগতে কোনো যোগ্য কৃষক যাতে এই প্ৰক্ৰিয়াৰ পৰা বঞ্চিত নহয় তাৰ বাবে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। আজি আয়োজিত বিশেষ শিবিৰত জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া, কৃষি উন্নয়ন বিষয়া, কৃষি সম্প্ৰসাৰণ সহায়ক, গাঁও প্ৰধান সকল উপস্থিত থাকে।

মায়ং