কামৰূপ মহানগৰ জিলা কৃষি বিভাগৰ নৱ-নিযুক্ত কৃষি সম্প্ৰসাৰণ সহায়কৰ প্ৰশিক্ষণ কাৰ্যসূচী

কামৰূপ মহানগৰ জিলা কৃষি বিভাগৰ উদ্যোগত নতুনকৈ নিযুক্ত কৃষি সম্প্ৰসাৰণ সহায়কসকলৰ সামৰ্থ্য বিকাশৰ বাবে ৬ দিনীয়া প্ৰশিক্ষণৰ সফল সামৰণি পৰে

author-image
Asomiya Pratidin
New Update
189

ডিজিটেল সংবাদ, গুৱাহাটী : কামৰূপ মহানগৰ জিলা কৃষি বিভাগৰ উদ্যোগত নতুনকৈ নিযুক্ত কৃষি সম্প্ৰসাৰণ সহায়কসকলৰ সামৰ্থ্য বিকাশৰ বাবে ৬ দিনীয়া প্ৰশিক্ষণৰ সফল সামৰণি পৰে। ‌অসম চৰকাৰৰ কৃষি বিভাগৰ প্ৰদৰ্শন বিষয়া কাৰ্যালয়ৰ সমূহীয়া ফল সংৰক্ষণ আৰু প্ৰশিক্ষণ কেন্দ্ৰত যোৱা ২৩ ফেব্ৰুৱাৰীত এই প্ৰশিক্ষণৰ শুভাৰম্ভণি কৰি জিলা কৃষি বিষয়া মৌচুমী হাজৰিকা ভূঞাই নৱ-নিযুক্ত কৃষি সহায়কসকলৰ দায়িত্ববোধ আৰু ভূমিকা সম্পৰ্কে অৱগত কৰি তেওঁলোকক শুভেচ্ছা জনায়।

লগতে জ‍্যেষ্ঠ কৃষি উন্নয়ন বিষয়া প্ৰফুল্ল চহৰীয়া আৰু স্থানীয় কৃষি উন্নয়ন বিষয়াসকলে নৱ-নিযুক্ত কৃষি সহায়কসকলক কৃষি বিভাগৰ দৃষ্টিভংগী সম্পৰ্কে থুলমূল ধাৰণা দিয়াৰ লগতে জিলাখনত ৰূপায়িত বিভিন্ন আঁচনি সম্পৰ্কে অৱগত কৰে। প্ৰথম দিনাৰ প্ৰশিক্ষণৰ সমল ব্যক্তি হিচাপে প্ৰশিক্ষণৰ আৰম্ভণি কৰে ক্ষেত্ৰীৰ স্থানীয় কৃষি উন্নয়ন বিষয়া নিপনজ‍্যোতি দত্তই।

WhatsApp Image 2026-02-28 at 5.39.09 PM

একেদৰে সোণাপুৰ আৰু ধাৰাপুৰৰ স্থানীয় কৃষি উন্নয়ন বিষয়া ক্ৰমে সুপ্ৰিয়া বৰা আৰু কাশ‍্যপ পৰাগ বেজবৰুৱাই প্ৰশিক্ষণ দিয়াৰ পাছত বিয়লিৰ ভাগত প্ৰশিক্ষণ প্ৰদান কৰে প্ৰদৰ্শন বিষয়া কাৰ্যালয়ৰ জ‍্যেষ্ঠ কৃষি উন্নয়ন বিষয়া দিপি গগৈয়ে। 
দ্বিতীয় দিনা প্ৰশিক্ষণ প্ৰদান কৰে সাতগাওঁৰ স্থানীয় কৃষি উন্নয়ন বিষয়া শিৰোমণি ফুকনে। একেদৰে বাকী দিন কেইটাত কাঁহিকুছি কৃষি বিজ্ঞান কেন্দ্ৰৰ জ‍্যেষ্ঠ বিজ্ঞানী ডঃ সোণমইনা ভূঞা, দৰদী প্ৰিয়ম দুৱৰা, অৰূপ কুমাৰ শৰ্মা আদিয়ে সমল ব‍্যক্তি হিচাপে প্ৰশিক্ষণ প্ৰদান কৰে।

WhatsApp Image 2026-02-28 at 5.39.09 PM (1)

প্ৰশিক্ষণৰ অংশ হিচাপে তৃতীয় দিনা কাঁহিকুছি কৃষি বিজ্ঞান কেন্দ্ৰত ক্ষেত্ৰ পৰিদৰ্শন কৰোৱা হয়। আকৌ পঞ্চম দিনা উচ্চ প্ৰযুক্তিসম্পন্ন নাৰ্চাৰী দেখুৱাবলৈ ক্ষেত্ৰীৰ চেণ্টাৰ অৱ এক্সিলেঞ্চলৈ নিয়া হয়। উল্লেখ‍্য যে সৰ্বমুঠ ৩৬ গৰাকী সদ্য নিযুক্তিপ্ৰাপ্ত কৃষি সম্প্ৰসাৰণ সহায়কৰ প্ৰশিক্ষণ উদ্দেশ্য আয়োজিত প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে কৃষি খণ্ড, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা ৰূপায়িত বিভিন্ন আঁচনি যেনে- প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন আঁচনি, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, কৃষক পঞ্জীয়ন, ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আৰু পুষ্টি মিছন ডিজিটেল শস্য জৰীপ, পি. এম. কিষাণ আঁচনিৰ সম্পৰ্কে প্ৰশিক্ষণ আগবঢ়োৱা হয়।

WhatsApp Image 2026-02-28 at 5.39.10 PM

ইয়াৰ উপৰি কামৰূপ জিলাৰ জলবায়ু, কৃষি পদ্ধতি, কৃষি জলসিঞ্চন, মাটিৰ গুনাগুন, উচ্চমূল্য সম্পন্ন কৃষি, ভূমি স্বাস্থ্য আৰু ইয়াৰ প্ৰয়োজনীয়তা, জৈৱিক কৃষি, কৃষাণ ক্ৰেডিট কাৰ্ড, কৃষি সম্প্ৰসাৰন, উদ্যান শস্য আঁচনি, প্ৰাকৃতিক কৃষি, সাৰ আৰু কীটনাশক নিয়ন্ত্ৰণ, চৰকাৰ নূন্যতম সমৰ্থিত মূল্যত ধান আৰু সৰিয়হ ক্ৰয়, কৃষি মেপাৰ,ফুল খেতি মিছন, অৰ্কিড খেতি, কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ৰূপায়িত আত্মা আঁচনি, কৃষক উৎপাদক কোম্পানী, কৃষি সঁজুলি, কৃষি খণ্ডৰ সংপৃক্তকৰণ, জিলাখনৰ কৃষি খণ্ডৰ ভৱিষ্যত পৰিকল্পনা আৰু উদ্ভাৱন আদি সকলো বিষয় সামৰি সামগ্ৰিকভাৱে প্ৰশিক্ষণ আগবঢ়োৱা হয়। প্ৰশিক্ষণৰ অংশস্বৰূপে কাৰ্যসূচীৰ সামৰণিৰ দিনা মূল্যায়নৰ উদ্দেশ্য নৱ নিযুক্ত কৃষি সম্প্ৰসাৰণ সহায়কসকলৰ মাজত পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে উৎকৃষ্টতাৰ প্ৰমান পত্ৰ বিতৰণ কৰা হয়।

কৃষি বিভাগ