লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত কৃষি বৈচিত্ৰতাৰ আলোচনা সত্ৰ সম্পন্ন

সেউজ মিত্ৰ ফাউণ্ডেচনৰ উদ্যোগত লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত “জীৱ বৈচিত্ৰ্য আৰু কৃষি শীৰ্ষক আলোচনাসত্ৰত অংশ গ্ৰহণ কৰি কৃষি বিজ্ঞানী ড° প্ৰৱাল শইকীয়াই কয “ অসমৰ দৰে কৃষি বৈচিত্ৰ্য সমগ্ৰ বিশ্বতে বিৰল ৷

author-image
Asomiya Pratidin
New Update
fdfdfdfdfdffd

ডিজিটেল সংবাদ, লখিমপুৰঃ "ৰাজ্যৰ জৈৱিক কৃষি বৈচিত্ৰ্যতা সমগ্ৰ বিশ্বতে বিৰল ৷ অসমৰ গাঁৱে ভূঞে কৃষিৰ বৈচিত্ৰ্যতা উপলব্ধ ৷ মোমাই তামুলী বৰবৰুৱাই আহোম ৰাজত্ব কালত এনে এখন বাৰী পাতিছিল যি আমাৰ সংহত কৃষি ব্যৱস্থা উপলব্ধ কৰিছিল ৷য’ত এফালে কঠিয়া তলী ,আনফালে তামোল বাৰী ,ফলমুল ,কলবাৰী ,পুখুৰী ,গোহালী আৰু গড়ালৰ লগতে ফলে ফুলে জাতিস্কাৰ আৰু পশু পক্ষীৰ বিচৰণ থলী আছিল। এই বাৰী খনেই আধুনিক সংহত কৃষি পদ্ধতিৰ ধাৰণা ৷যি ধাৰণাক কৃষিত চহকী দেশ সমূহে আমাক চিনাকি কৰি দিব খোজে" এই বক্তব্য উত্তৰ লখিমপুৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড° প্ৰৱাল শইকীয়াৰ ৷

সেউজ মিত্ৰ ফাউণ্ডেচনৰ উদ্যোগত লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত “জীৱ বৈচিত্ৰ্য আৰু কৃষি শীৰ্ষক আলোচনাসত্ৰত অংশ গ্ৰহণ কৰি কৃষি বিজ্ঞানী ড° প্ৰৱাল শইকীয়াই কয “ অসমৰ দৰে কৃষি বৈচিত্ৰ্য সমগ্ৰ বিশ্বতে বিৰল ৷ আমাৰ আজু ককাহঁতৰ দিনৰ প্ৰায় ছয় হাজাৰ ধানৰ বীজ আমি হেৰুৱাই পেলাইছো। মিলেটৰ পৰা ক’লা ধান ৰঙা বাও ধানলৈকে এই ছয় হাজাৰ ধানৰ বীজ সংৰক্ষণ হৈছে ফিলিপাইনছৰ আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰত৷ যি সমূহ আমি সততে নাপাম ৷ আমি কেৱল কৃষি বিশ্ব বিদ্যালয়ত আমাৰ থলুৱা ধানৰ ২০০০ প্ৰজাতি সংৰক্ষণ কৰিব পাৰিছো ৷ ফিলিপাইনছত থকা অসমৰ ধানৰ বীজ সংগ্ৰহ কৰিবলৈ আমি বহু জটিল  প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগিব ৷ গতিকে আমাৰ চহকী ধানৰ বৈচিত্ৰ আমি বিদেশক অৰ্পন কৰিলো ৷

অন্য গৰাকী সমল ব্যক্তি সাংবাদিক বুবুল হাজৰিকাই ভাাষণ প্ৰসংগত কয়“ গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তন অসমৰ কৃষি অৰ্থনীতিৰ অন্তঃৰায় হ’লেও জৈৱিক পৰম্পৰাগত কৃষি পদ্ধতি অসমৰ ৰাইজৰ স্বাস্থ্যৰ অনুকুলে আছে ৷ নিজৰ বাৰী আৰু খেতিৰ মাটি ডৰাত উপলব্দ্ধ খাদ্য শস্য ,ঔষধী শাক প্ৰকৃতি পদত্ত বনৰীয়া শাক যেনে মানিমুনি,পনৌনৌৱা ,মাটিখুতৰা ,যমলাখুটী,পাটি দৈ ,চেংমৰা ,কচুথোৰ ,ঢেকীয়া ,কলডিল ,কলপচলা ,মেটেকা ফুল ,পকমৌ ,গৰখীয়া ,বাঘেচৰা ,নল টেঙা ,ভেদাই লতা ,ভূংগীৰাজ ,কুন্দলী,ভোল ,ভাতকেৰেলা ,ভেকুৰি তিতা আদি কৃষি বৈচিত্ৰ্য ৷ 

আনহাতে গোহালিত গৰু ,পখুৰীত মাছ ,গড়ালত হাঁহ ,বাঁহত পাৰ .বাৰীত তামোল পান আদি প্ৰৱাদ কৃষি জীৱ বৈচিত্ৰ্যতাৰে পৰিচায়ক। নিজৰ খেতিৰ মাটি ডৰাক অৱহেলা নকৰি ইয়াক সংহত কৃষি ব্যৱস্থাপনাৰ আওতাত সামৰি ল’বলৈ আহ্বান জনায়  বুবুল হাজৰিকাই ৷ সেউজ মিত্ৰৰ সঞ্চালক গুণকান্ত কোঁচে সঞ্চালনা কৰা আলোচনা সত্ৰত অংশগ্ৰহণ কৰি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লোহিত হাজৰিকাই উঠি অহা প্ৰজন্মক অসমৰ কৃষি বৈচিত্ৰ্যৰ আৰু ইয়াৰ বহন ক্ষমতাক উদ্যোগৰ ধাৰণাাৰে বাণিজ্যিক কৰণৰ আহ্বান জনায় ৷

এই আলোচনা সত্ৰত যথেষ্ট সংখ্যক কৃষকে অংশগ্ৰহণ কৰে৷ উল্লেখ্য  যে সেউজ মিত্ৰ ফাউণ্ডেচন ভাৰত চৰকাৰৰ কৰ্পৰেট মন্ত্ৰালয়ৰ স্বীকৃতি প্ৰাপ্ত এক স্বেচ্ছাসেৱী সংগঠন ৷

লখিমপুৰ