/asomiyapratidin/media/media_files/2025/09/02/241-2025-09-02-19-58-07.jpg)
ডিজিটেল সংবাদ, মুম্বাই : নন্দ তালুকদাৰ ফাউণ্ডেচন আৰু অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আর্থ-সামাজিক ন্যাসৰ যুটীয়া উদ্যোগত চলি থকা ডিজিটাইজিং অসম নামৰ প্রকল্পটোৱে মঙলবাৰে ইয়াৰ যাত্রাপথত এক নতুন আৰু ঐতিহাসিক খোজ পেলাবলৈ সক্ষম হ'ল। ডিজিটাইজিং অসম প্রকল্পৰ এক যুগান্তকাৰী পদক্ষেপ হিচাপে আজি নন্দ তালুকদাৰ ফাউণ্ডেচনে আই আই টি মুম্বাইৰ 'ভাৰত জেন' প্রকল্পৰ লগত এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে।
অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আর্থ-সামাজিক ন্যাসৰ সচিব ডা০ নাৰায়ণ শৰ্মাৰ উপস্থিতি আই আই টি মুম্বাইত নন্দ তালুকদাৰ ফাউণ্ডেচনৰ সম্পাদক মৃণাল তালুকদাৰ আৰু ভাৰত জেনৰ মুখ্য কাৰ্য্যবাহী বিষয়া কিৰণ শেনৰ মাজত এই চুক্তি স্বাক্ষৰিত হয়। উল্লেখযোগ্য যে 'ডিজিটাইজিং অসম' প্রকল্পৰ উদ্যোগত অসমৰ আপুৰুগীয়া আলোচনী, বাতৰি কাকত, সাঁচিপাত, গ্রন্থ আদিৰ ২ নিযুত পৃষ্ঠা ইতিমধ্যে অত্যাধুনিক প্রযুক্তিৰে ডিজিটাইজ কৰি ডিজিটেল ৰূপত সংৰক্ষণ কৰাৰ কাম সম্পূৰ্ণ কৰা হৈছে আৰু এই প্রক্রিয়া অব্যাহত আছে।
কেন্দ্রীয় বিজ্ঞান আৰু প্রযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্রী ড° জিতেন্দ্র সিঙে ২০২৫ চনৰ জুনত ভাৰতীয় ভাষাসমূহৰ বাবে ভাৰতৰ প্ৰথমটো থলুৱাভাবে বিকশিত সার্বভৌম কৃত্রিম বুদ্ধিমত্তা মঞ্চ "ভাৰত জেন" মুকলি কৰে। ভাৰত জেনত বর্তমান ৯টা ভাৰতীয় ভাষা অন্তর্ভুক্ত হৈ আছে।
সেইবোৰ হৈছে- হিন্দী, মাৰাঠী, তামিল, মালয়ালম, বাংলা, পাঞ্জাবী, গুজৰাটী, তেলেগু আৰু কানাড়া। অসমীয়া হ'ব ভাৰত জেনৰ দশমটো ভাষা। ভাৰত জেন হৈছে ভাৰত চৰকাৰৰ এক ধ্বজাবাহী কৃত্রিম বুদ্ধিমত্তা কাৰ্য্যসূচী, যিটোক চেটজিপিটিৰ নিচিনা কৃত্রিম বুদ্ধিমত্তাৰ মঞ্চবোৰৰ শক্তিশালী বিকল্প হিচাপে গঢ়ি তোলাৰ পদক্ষেপ লোৱা হৈছে।
আই আই টি মুম্বাইৰ নেতৃত্বত পৰিচালিত ভাৰত জেনত ভাৰতৰ আন আন আই আই টি আৰু এনে শৈক্ষিক প্রতিষ্ঠানবোৰ জড়িত হৈ আছে। এই প্রকল্পৰ অধীনত ইন্টাৰনেটত অসমীয়া ভাষাটো ব্যৱহাৰৰ ক্ষেত্ৰত ডিজিটেল ৰূপত অধিক শক্তিশালী হ'ব।
এই সন্দর্ভত অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আর্থ-সামাজিক ন্যাসৰ সচিব ডা০ নাৰায়ণ শর্মাই কয়, "এয়া কেৱল প্রযুক্তিৰ কথাই নহয়, ডিজিটেল যুগত অসমীয়া ভাষাটোৰ ভবিষ্যত সুৰক্ষিত আৰু নিশ্চিত কৰাটোহে মূল কথা। ভাৰত জেনৰ জৰিয়তে আমি অসমীয়া ভাষাক ডিজিটেল বিশ্বৰ সকলো প্রধান ভাষাৰ সৈতে কান্ধত কান্ধ মিলাই থিয় কৰাবলৈ সক্ষম হ'ম।"
ভাৰত জেনৰ মুখ্য কাৰ্য্যবাহী বিষয়া কিৰণ শেশে কয়, "ভাৰত জেনে এ আইৰ যোগেদি ভাৰতৰ বৈচিত্র্যক প্রতিফলিত কৰাৰ ক্ষেত্রত এক পৰিবেশ গঢ়ি তুলিবলৈ বিচাৰিছে। নন্দ তালুকদাৰ ফাউণ্ডেচনৰ সৈতে সংযুক্ত হৈ অসমীয়া ভাষাক ডিজিটেল ৰূপত উপস্থাপন কৰিব খোজাটোৱেই আন এক ঐতিহাসিক পদক্ষেপ হ'ব। ই ডিজিটেল ভৱিষ্যতত অসমীয়া ভাষা আৰু সংস্কৃতিক প্রতিনিধিত্ব কৰাটো নিশ্চিত কৰিব।"
ডিজিটাইজিং অসম প্রকল্পটোলৈ সহযোগিতা আগবঢ়াই আহিছে অসম সাহিত্য সভা, ডিব্রুগড় বিশ্ববিদ্যালয়, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয়, সদৌ অসম ছাত্র সন্থাকে ধৰি বিভিন্ন সংগঠন তথা ভালেসংখ্যক ব্যক্তি আৰু স্বেচ্ছাসেৱকে। ই সমগ্র দেশৰ ভিতৰতে নাগৰিক নেতৃত্বাধীন, ভাষা-সাহিত্যৰ ডিজিটেল সংৰক্ষণৰ অন্যতম বৃহৎ প্রচেষ্টা।