/asomiyapratidin/media/media_files/2026/02/10/88-2026-02-10-23-24-21.jpg)
ডিজিটেল সংবাদ, উৰিয়াগাঁও : সমাগত বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিত বিজেপি আৰু অগপৰ মাজত টিকটকেন্দ্ৰিক সংঘাত চলি থকাৰ সময়তে মঙলবাৰে সমষ্টিটোৰ অন্তৰ্গত ননৈত এক দলীয় সভা অনুষ্ঠিত কৰি অসম গণ পৰিষদে নিজৰ শক্তি প্ৰদৰ্শনৰ চেষ্টা চলায়। অসম যুৱ পৰিষদ বঢ়মপুৰ বিধান সভা সমষ্টি সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা যুৱ কৰ্মী সন্মিলনত অংশগ্ৰহণ কৰি অ.গ.পৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক তথা নগাঁও জিলা সমিতিৰ সভাপতি মণিমাধৱ মহন্তই উদ্ধোধনী ভাষণত কয়-কংগ্ৰেছ দলে বিভিন্ন সময়ত অসম মাতৃৰ অস্তিত্ব বিপদাপন্ন কৰি তুলিছিল।কিন্তু অগপ দলে জন্মলগ্নৰে পৰাই আমাৰ স্বকীয়তা,গৰিমা,ঐতিহ্য,স্বাভিমান ৰক্ষাৰ বাবে সংগ্ৰাম কৰি আহিছে।এই সংগ্ৰাম বৃহত্তৰ অসমীয়া জাতিৰ স্বাভিমান ৰক্ষা কৰা,সমন্বয়,ঐক্য,প্ৰগতিৰ লক্ষ্যৰে আগুৱাই যোৱাৰ সংগ্ৰাম।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/10/whatsapp-im-2026-02-10-23-18-45.jpeg)
যুৱ পৰিষদৰ বঢ়মপুৰ সমষ্টিৰ সভাপতি শংকৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত অগপ নেতা মণি মাধৱ মহন্তই আৰু কয়- ১৯৮৫ চনৰ পৰা বঢ়মপুৰ সমষ্টিত একেৰাহে সাতবাৰকৈ অগপ দলৰ বিধায়ক জয়ী হৈছে। দুবাৰকৈ প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী হৈছে। বিৰোধী দলপতি হৈছে।
গতিকে বঢ়মপুৰত অগপৰ এক শক্তিশালী ভেটি আছে। অনাগত দিনত সমষ্টিটোত অগপ দলে শক্তিশালীভাৱে নেতৃত্ব দিবৰ বাবে সাজু হৈ আছে । সমষ্টিটোত আমি কাৰো লগত সংঘাতত আহিব বিচৰা নাই । কাৰো লগত আমাৰ প্ৰতিযোগিতাও নাই ।
গতিকে সমষ্টিটোত কোনোবাই আমাক ৰঙা চকু দেখুৱালেও সেই ৰঙা চকুলৈ ভয় নকৰাৰ সাহস অগপৰ আছে। যুৱ পৰিষদৰ বঢ়মপুৰ সমষ্টিৰ সম্পাদক বেদব্ৰত বৰাই উদ্দেশ্য বাখ্যা কৰা সভাখনত ভাষণত অগপ নেতা মহন্তই আৰু কয়- সমষ্টিটোত অগপ দলৰ প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা ক'লে কোনোবাই কয় ইয়াত কঠীয়া আৰু সাৰ সিঁচিব লাগিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/10/whatsapp-image-2026-02-10-23-19-52.jpeg)
কিন্ত সেইসকলে জানি লোৱা ভাল।বঢ়মপুৰত অগপ দলে কঠীয়া সিঁচিবলগীয়া নাই। বঢ়মপুৰ সমষ্টিত অগপ আৰু জাতীয়তাবাদৰ বাবে এক পলসুৱা, পবিত্ৰ উৰ্বৰ ভূমি। এই উৰ্বৰ ভূমিত আমি যেতিয়া যি মন যাই,তাকেই কৰিম। কাৰোবাৰ ভয় ভাবুকিয়ে অগপৰ গতি ৰুদ্ধ কৰিব নোৱাৰে।
সভাত অগপৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি মামণি বৰাই ভাষণত কয়- বঢ়মপুৰ সমষ্টিত অগপ দলৰ হৃত গৌৰৱ উদ্ধাৰৰ বাবে আমি সমষ্টিটোত সাংগঠনিক ভেটি শক্তিশালী কৰিব লাগিব। এইবাৰ নিৰ্বাচনত বঢ়মপুৰ সমষ্টিটো বিজেপিয়ে মিত্ৰতাৰ ধৰ্ম পালন কৰি অগপ দলক এৰি দিবই লাগিব বুলি মন্তব্য কৰে।
সভাত যুৱ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি বিদ্যুৎ বৰা, জিলা উপ সভাপতি গোলাপ নাথে সমাগত নিৰ্বাচনত বঢ়মপুৰ সমষ্টিত অগপ দলৰ পৰা দলীয় টিকট দিবৰ বাবে আঞ্চলিক দলটোৰ কেন্দ্ৰীয় নেতৃত্বক অনুৰোধ জনায়। পাঁচ শতাধিক দলীয় কৰ্মী উপস্থিত থকা সভাখনত অগপৰ নগাঁও জিলা সমিতিৰ সম্পাদক যতীন বৰা,যুৱ পৰিষদৰ জিলা সম্পাদক ভূপেন বেজবৰুৱা, অগপৰ বঢ়মপুৰ সমষ্টিৰ সম্পাদক খগেন কুমাৰ গায়ন, জ্যেষ্ঠ নেতা ৰাম চন্দ্ৰ বৰা, হেমন্ত শইকীয়া, অপূৰ্ব বৰা, যুৱ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক ডিম্বেশ্বৰ গুপ্তা, অনুপম শৰ্মা,অয়ন শৰ্মা আদি উপস্থিত থাকে। সভাৰ অন্তত দলীয় কৰ্মীৰ লগত অগপ নেতা তথা টিকট প্ৰত্যাশী মণি মাধৱ মহন্তই মত বিনিময় কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us