/asomiyapratidin/media/media_files/2025/10/14/511-2025-10-14-17-18-45.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : অসমৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ ৪১সংখ্যক প্ৰতিষ্ঠা দিৱস ঢকুৱাখনাত মঙলবাৰে দিনজোৰাকৈ উদযাপন কৰা হয় । প্ৰতিষ্ঠাৰ ৪১ বছৰত ভৰি দিয়া অগপ দলৰ এই ৪ দশক অতিক্ৰমা পৰিক্ৰমাৰ সতে সংগতি ৰাখি দলটোৰ ঢকুৱাখনা বিধানসভা সমষ্টিৰ সমিতিয়ে দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে ঢকুৱাখনা বিধানসভা সমষ্টি কাৰ্যালয়ত উদযাপন কৰে।
মঙলবাৰে ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষত পুৱা জ্যেষ্ঠ সদস্য ৰবীন খনিকৰ ,হৰেন দত্ত আৰু ৰঞ্জিত চন্দ্ৰ বৰাৰ জৰিয়তে নাহৰ পুলি ৰোপণ কৰা হয়। । পৰৱৰ্তী সময়ত ৯ বজাত দলীয় পতাকা উত্তোলন কৰে সমষ্টি সমিতিৰ সভাপতি দুলাল দত্তই ।
ইয়াৰ পাছতেই পুৱা ৯.২০ বজাত শ্বহীদ তৰ্পণ অনুষ্ঠান শুভাৰম্ভ কৰা হয় কেন্দ্ৰীয় সদস্য মহেশ দলেৰ জৰিয়তে। পৰৱৰ্তী সময়ত গণকণ্ঠ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই এক অনুষ্ঠান অনুষ্ঠিত কৰা হয় ।
দুপৰীয়া আঞ্চলিক দলটোৰ ন- পুৰণি সতীৰ্থসকলৰ সোৱঁৰণ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পাছতেই দলটোৰ অগ্ৰজ ৭ গৰাকী সতীৰ্থক সম্বৰ্ধনা জনোৱা হয় । বিয়লি নাম প্ৰসংগ ও দিহানামৰ অনুষ্ঠানৰ পাছত সন্ধিয়া কাৰ্য্যালয় চৌহদত বন্তি প্ৰজ্বলনেৰে দিৱসৰ সফল সামৰণি মৰা হয় ।
সমষ্টি সমিতিৰ অন্তৰ্গত সমূহ কেন্দ্ৰীয় সমিতিৰ সদস্য ,২৩খন আঞ্চলিক সমিতিৰ লগতে , মহিলা পৰিষদ , কৃষক পৰিষদ ,শ্ৰম পৰিষদ আৰু যুৱ পৰিষদৰ বিষয়ববীয়া কৰ্মকর্তাৰ আৰু আঞ্চলিকতাবাদী ৰাইজৰ উপস্থিতি , সহযোগিতাৰে প্ৰতিষ্ঠা দিবসৰ সফল সমাপ্তি মৰা হয় । সমষ্টিৰ সমিতিৰ সম্পাদক সমুজ্জল চেতিয়া , বিত্ত সম্পাদক নিতুল বৰাই প্ৰতিষ্ঠা দিবসতি সফল উদযাপনৰ বাবে দলীয় কৰ্মকর্তা আৰু কেন্দ্ৰীয় বিষয়ববীয়া সকলৰ উপস্থিতি আৰু সহযোগিতাৰ শলাগ লয় ।
উল্লেখযোগ্য যে দিৱসৰ অন্তত বৰ্দ্ধিত বিষয় ববীয়া সভা অনুষ্ঠিত হয়। সভাত ডাংধৰা আঞ্চলিকৰ অন্তৰ্গত ৰাজ কুমাৰ পেগুৱে অগপ দলৰ আনুষ্ঠানিক ভাৱে যোগদান কৰে ।