/asomiyapratidin/media/media_files/2025/09/01/237-2025-09-01-19-03-58.jpg)
ডিজিটেল সংবাদ, ৰহা : ৰহা সমষ্টিত অগপ দলৰ ভেটি শক্তিশালী কৰিবলৈ কেইবাখনো পঞ্চায়তৰ মণ্ডল কমিটী গঠন কৰা হয়। এই উপলক্ষে কচুৱাৰ শিমলুগুৰি জ্ঞান বিকাশ বিদ্যালয় প্ৰাংগনত অসম গণ পৰিষদৰ এখনি সাংগঠনিক সভা অনুষ্ঠিত কৰি সভাত সাংগঠনিক দিশ আৰু পাঁচখন পঞ্চায়তৰ মণ্ডল কমিটি গঠন কৰা হয়।
প্ৰমিলা আঞ্চলিক পঞ্চায়তৰ সভাপতি মুজিবুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত অসম গণ পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ উপ-সভাপতি বিষ্ণু দাস, ধৰ্মীয় সংখ্যালঘুৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক মানিক হুছেইন, ৰহা বিধানসভাৰ কাৰ্যকৰী সভাপতি পৱন বৰা, ৰহা বিধানসভা সমষ্টিৰ ধৰ্মীয় সংখ্যালঘুৰ সভাপতি ইমৰান হুছেইনসহ বিভিন্ন পঞ্চায়তৰ প্ৰায় তিনিশ অগপ কৰ্মী উপস্থিত থাকে। ইপিনে সভাত মাধৱপাৰা মণ্ডল কমিটিৰ সভাপতি হিচাপে আবুল কালাম আজাদ আৰু সম্পাদক হিচাপে ৰঞ্জিত বৰা আৰু আজহাৰ উদ্দিন আহমেদক নিৰ্বাচিত কৰে।
আনহাতে ২০২৬ৰ বিধানসভা নিৰ্বাচনত ৰহাত কংগ্ৰেছক পৰাস্ত কৰি বিপুল ভোটত মিত্ৰজোঁটে জয়ী হ'ব বুলি মন্তব্য কৰে বিষ্ণু দাসে।