২৯গৰাকী ব্যক্তিক AGPৰ পদবী-সদস্য পদৰ পৰা বহিষ্কাৰ...

অসম গণ পৰিষদ লক্ষীমপুৰ জিলা সমিতিৰ কাৰ্যালয়ত সোমবাৰে এখন গুৰুত্বপূর্ণ আলোচনা সভা অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
AGP;LAKHIMPUR

ডিজিটেল ডেস্কঃ অসম গণ পৰিষদ লক্ষীমপুৰ জিলা সমিতিৰ কাৰ্যালয়ত দেওবাৰে এখন গুৰুত্বপূর্ণ আলোচনা সভা অনুষ্ঠিত হয়। এই সভাত লক্ষীমপুৰ জিলাৰ অন্তৰ্গত ৰঙানদী সমষ্টিৰ সংগঠনৰ বৰ্তমান পৰিস্থিতি আৰু কিছুমান ব্যক্তিৰ দ্বাৰা সংঘটিত দলবিৰোধী কার্যকলাপ সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়।

উক্ত আলোচনা সভাত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি সংগঠনৰ শৃংখলা আৰু দলৰ নীতি-আদর্শ অটুট ৰখাৰ স্বাৰ্থত ২৯গৰাকী ব্যক্তিক তেওঁলোকৰ সকলো নির্দিষ্ট পদবী আৰু অসম গণ পৰিষদৰ প্ৰাথমিক সদস্য পদৰ পৰা তৎক্ষণিকভাৱে বহিষ্কাৰ কৰাৰ সিদ্ধান্ত লয় দলীয় নেতৃত্বই।

জয়ন্ত সেনাপতি, প্ৰেম বৰা, ৰাকেশ বৰা, দিগন্ত বৰা, অঞ্জন শইকীয়া, ৰাণা সিংহ, মমী ভূঞা, মমী শইকীয়া, মনোজ কুমাৰ গগৈ, মনোজ বৰুৱা, পৰাশজ্যোতি লাহন, ৰাজ কিশোৰ চুতীয়া, মিন্টু বৰা, হোমেন দাস, যাদৱ শৰ্মা, ভৈৰৱ বৰুৱা, অনুপম বৰপাত্ৰ, কৃষ্ণ কুমাৰ গগৈ, মঃ ইমান আলী, তৃষ্ণা দেৱী, প্ৰবীণ শইকীয়া, যাদৱ দাস, আব্দুল ৰহমান, যাদৱ পাঠোৰী, ব্ৰজেন গগৈ, মুকুল দত্ত, ডিম্পল গগৈ, আশ্বিকুৰ ৰহমান আৰু খালিদ আহমেদক দলৰ প্ৰাথমিক সদস্য পদ আৰু নিৰ্দিষ্ট পদবীৰ পৰা বহিষ্কাৰ কৰা হৈছে। 

c6a7a145-e582-4c04-8f6d-cd2d5d44c263

অসম গণ পৰিষদ