ঢকুৱাখনাত অগপৰ প্ৰতিষ্ঠা দিৱসৰ ব্যাপক প্ৰস্তুতি

ৰাজ্যখনৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ ৪১সংখ্যক প্ৰতিষ্ঠা দিৱস ঢকুৱাখনাত উদযাপনৰ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। 

author-image
Asomiya Pratidin
New Update
GRYT654R

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ৰাজ্যখনৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ ৪১সংখ্যক প্ৰতিষ্ঠা দিৱস ঢকুৱাখনাত উদযাপনৰ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। অহা ১৪ অক্টোবৰত আঞ্চলিক দল অসম গণ পৰিষদে ৪১ বছৰত ভৰি দিয়া এই বৰ্ণিল পৰিক্ৰমাৰ সতে সংগতি ৰাখি দলটোৰ ঢকুৱাখনা বিধানসভা সমষ্টিৰ সমিতিয়ে দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে ঢকুৱাখনা বিধানসভা সমষ্টি কাৰ্যালয়ত উদযাপন কৰিবলৈ আগবাঢ়িছে।

সমষ্টি সমিতিৰ সম্পাদক সমুজ্জল চেতিয়াই জনোৱা মতে, ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষত পুৱা ৯ বজাত দলীয় পতাকা উত্তোলন কৰিব সমষ্টি সমিতিৰ সভাপতি দুলাল দত্তই। ইয়াৰ পাছতেই পুৱা ৯.২০ বজাত শ্বহীদ তৰ্পণ অনুষ্ঠান শুভাৰম্ভ কৰা হ'ব ।পৰৱৰ্তী সময়ত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই অনুষ্ঠিত কৰা হ'ব এক অনুষ্ঠান। দুপৰীয়া আঞ্চলিক দলটোৰ ন-পুৰণি সৰ্তীথ সকলৰ সোৱঁৰণ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পাছতেই দলটোৰ অগ্ৰজ সতীৰ্থ সকলক সম্বৰ্ধনা জনোৱা হ'ব।

ইফালে, বিয়লি নাম প্ৰসংগৰ লগতে দিহানামৰ অনুষ্ঠানৰ পাছত সন্ধিয়া বন্তি প্ৰজ্বলনেৰে দিৱসৰ সফল সামৰণি মৰা হ'ব। সমষ্টি সমিতিয়ে উক্ত দিনাৰ কাৰ্যসূচী সমূহত কেন্দ্ৰীয় সমিতিৰ সদস্য, ২৩খন আঞ্চলিক সমিতিৰ লগতে মহিলা পৰিষদ, কৃষক পৰিষদ, শ্ৰম পৰিষদ আৰু যুৱ পৰিষদৰ বিষয়ববীয়া কৰ্মকর্তাৰ আৰু আঞ্চলিকতাবাদী ৰাইজৰ উপস্থিতি, সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ।

অসম গণ পৰিষদ