/asomiyapratidin/media/media_files/2025/08/28/1-2025-08-28-16-25-44.jpg)
ডিজিটেল সংবাদ,জামুগুৰিঃ জামুগুৰি আৰক্ষী থানাত একাংশ মহিলা উপস্থিত হৈ বিচাৰিছে উচিত ন্যায় ৷ দুমাহ পূৰ্বে খেৰণিৰ মাজত ৰহস্যজনকভাৱে মৃত অৱস্থাত উদ্ধাৰ হোৱা জামুগুৰিহাটৰ থুলটিকা গাঁৱৰ দুটি সন্তানৰ মাতৃ শুৰধ্বনি দেৱীৰ মৃত্যুৰ ন্যায় বিচাৰিছে এইসকল গাঁওবাসী মহিলাই ৷
যোৱা ২০ জুনৰ নিশাৰ পৰা থুলটিকা গাঁৱৰ স্বামীহাৰা দুটি সন্তানৰ মাতৃ শুৰধ্বনি দেৱী সন্ধানহীন হৈ পৰিছিল। নিশা গাঁওবাসীয়ে মহিলাগৰাকীক বিচাৰ খোচাৰ কৰিছিল যদিও কোনো শুংসূত্ৰ উলিয়াব পৰা নাছিল ৷
পিছদিনা পুৱা নিজ ঘৰৰ পিছফালৰ খেৰণিৰ মাজত উদ্ধাৰ হৈছিল মহিলাগৰাকীৰ মৃতদেহ। তাৰ পছতেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সন্দেহজনক অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটোৰ লগত জড়িত ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছিল ৷
আনহাতে তিনিবছৰ পূৰ্বে স্বামীৰ মৃত্যু হোৱা মহিলাগৰাকী গৰ্ভৱতী আছিল বুলি মৰণোত্তৰ পৰীক্ষাত দেখা দিয়াত ৰহস্যজনক ঘটনাটো হত্যাকাণ্ড হ’ব বুলিয়ে ধাৰণা কৰি আৰক্ষীয়ে ক্ষীপ্ৰ গতিত তদন্ত চলায়।
মৃত মহিলাগৰাকীৰ দুটি কণমাণি সন্তানক সোধপোচকে ধৰি স্থানীয় ৰাইজৰ সহযোগত অৱশেষত হত্যাকাণ্ডৰে জড়িত থকাৰ অপৰাধত থুলটিকা গাঁৱৰে অগ্নি বুঢ়াথকি নামৰ এজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷
স্থানীয় ৰাইজ আৰু দুটি সন্তানৰ স্বীকাৰোক্তিৰ ভিত্তিত তদন্তৰ অন্তত গ্ৰেপ্তাৰ কৰা অগ্নি বুঢ়াথকিক প্ৰশাসনে উচিত শাস্তি দিবৰ বাবেই এইদৰে গাঁওখনৰ মহিলাসকল জামুগুৰি আৰক্ষী থানাত উপস্থিত হৈ প্ৰশাসনৰ প্ৰতি অনুৰোধ জনায়।
ইতিমধ্যে আৰক্ষীয়ে মহিলাগৰাকীৰ মৃত্যুৰ ঘটনাটোৰ লগত জড়িত থকাৰ অপৰাধত হত্যাকাৰী অগ্নি বুঢ়াথকিক ভাৰতীয় ন্যায় সংহিতাৰ অধিনত 108 BNS 93/25 নম্বৰত গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে৷