/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/spcl-mridul-da.jpg)
মৃদুল কুমাৰ সন্দিকৈ
অসমৰ মানুহক পণবন্দী কৰি দিল্লী তথা নদীবান্ধ নিৰ্মাণকাৰী কোম্পানীবোৰে নদীবান্ধ নিৰ্মাণৰ স্থিতিত আকোৰগোজ হৈ আছে। উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া ৰাজ্য কেইখনৰ লগতে চুবুৰীয়া ভূটানত নিৰ্মাণ কৰা নদীবান্ধে অসমত কি প্ৰভাৱ পেলাব পাৰে তাৰ এটা সামান্য আৰু শেহতীয়া উদাহৰণ আছিল দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পৰা এৰি দিয়া অতিৰিক্ত পানীয়ে চলোৱা ধ্বংসলীলা।
ভূমিকম্প প্ৰৱণ অঞ্চল হিচাপে অসম তথা উত্তৰ-পূবত নদীবান্ধ নিৰ্মাণ কৰিবলৈ কোনো বিশেষজ্ঞই মত দিব নোৱাৰে। কিন্তু, চৰকাৰী পৃষ্ঠপোষকতাত সেউজ সংকেত লৈ উত্তৰ-পূৰ্বাঞ্চলৰ নদীবান্ধ নিৰ্মাণৰ প্ৰতিযোগিতাত নামি পৰিছে কেন্দ্ৰীয় চৰকাৰ। কেৱল বিদ্যুৎ উৎপাদনেৰে অঞ্চলটোৰ বিকাশৰ বাট মুকলি হ'ব বুলি প্ৰলোভন দি ভৱিষ্যতৰ বাস্তৱ ছবিখন লুকুৱাই ৰাখিছে।
উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্য যেনে-অৰুণাচল, মেঘালয়, মণিপুৰ, নগালেণ্ড আদিৰ তুলনাত অসম ভৌগোলিকভাৱে এক চৰিয়া সদৃশ। এই পাহাৰীয়া ৰাজ্যসমূহত নিৰ্মাণ কৰা নদীবান্ধৰ অতিৰিক্ত পানীয়ে সদায় অসমতেই তাণ্ডৱ চলায়। ইয়াৰ ফল অসমবাসীয়ে ভোগ কৰিব লাগে। বাৰিষা অহাৰ লগে লগে উজনি-নামনি সৰ্বত্ৰে হোৱা অধিকাংশ প্ৰলয়ংকাৰী বানৰ তাণ্ডৱৰ কাৰণ কিন্তু এই নদীবান্ধ।
ভূটানৰ নদীবান্ধৰ ফলত নামনি অসম দীৰ্ঘদিন ধৰি ক্ষতিগ্ৰস্ত হৈ আহিছে। একেদৰেই, ৰঙানদী নদীবান্ধৰ পৰা এৰি দিয়া পানীয়ে লখিমপুৰ জিলাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰে। শেহতীয়াকৈ নগালেণ্ডৰ উষা জিলাৰ ভাণ্ডাৰীত থকা নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পই গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত জলপ্ৰলয়ৰ সৃষ্টি কৰিলে।
ভূমিকম্প প্ৰৱণ অঞ্চল হিচাপে ভূ-তত্ববিদসকলে সকীয়াই দিয়াৰ পাছতো আজিও চলি আছে নামনি-সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম। ৩১ জুলাইত নগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পই অতিৰিক্ত পানী এৰি দিয়াৰ ফলতে মুহূৰ্তৰ ভিতৰতে গোলাঘাটত বিস্তৰ ক্ষতিসাধন কৰিলে। ২০০০ চনৰ জুলাইত এই প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল। ১৯৮৭চনত নিৰ্মাণ কাৰ্য আৰম্ভ কৰা জলবিদ্যুৎ প্ৰকল্পটোৱে অসমত কি ধৰণৰ বিপদ সৃষ্টি কৰিব পাৰে এই কথা অনুমান কৰিব পৰা নাছিল তেতিয়াৰ শাসনত থকা অগপ চৰকাৰে।
নিজৰ ক্ষমতাতকৈ অধিক পানী ধৰি ৰাখিব নোৱাৰাৰ বাবেই এইদৰে নদীবান্ধ কৰ্তৃপক্ষই সদায় পানী এৰি দিয়ে। নদীবান্ধ ৰক্ষা কৰাৰ স্বাৰ্থহে তেওঁলোকৰ বাবে মুখ্য। এৰি দিয়া পানীয়ে নামনি অঞ্চলত কি ধৰণৰ ক্ষতি কৰিব পাৰে বা ইয়াৰ ফলত ধন-জনৰ কিমান লোকচান হ'ব, সেই কথা পানী এৰি দিয়াৰ আগমুহূৰ্তত এবাৰলৈ বিবেচনা নকৰে। যিকোনো প্ৰকাৰে পানী এৰি দি নদীবান্ধটো ৰক্ষা কৰাৰ অভিযানত নামি পৰাৰ ফলতেই গোলাঘাটত কোটি কোটি টকাৰ সা-সম্পত্তি আৰু কৃষিভূমিৰ খেতি নষ্ট হ'ল।
তেনে ঘটনাই প্ৰতিটো নদীবান্ধৰ ক্ষেত্ৰতেই ঘটি আহিছে। এইবোৰ সৰু নদীবান্ধৰ ফলত সৃষ্টি হোৱা মহাপ্ৰলয়। বৃহৎ নদীবান্ধ নিৰ্মাণৰ ফলত ইয়াৰ পৰিণাম কেনে হ'ব পাৰে সেয়া এতিয়া নদীবান্ধৰ সপক্ষে মাত মতা সকলে কল্পনাই কৰিব পৰা নাই। নদীবান্ধ বিৰোধী আন্দোলন কিছু স্তব্ধ হ'লেই বান্ধ নিৰ্মাণত তৎপৰ হৈ পৰে চৰকাৰী পক্ষ। নদীবান্ধৰ ফলত হ'ব পৰা সাম্ভাৱ্য বিপদ আৰু ক্ষতিক আওকাণ কৰি অসমৰ মানুহৰ ভৱিষ্যতক লৈ খেলা কৰা কেন্দ্ৰীয় চৰকাৰ তথা নদীবান্ধ নিৰ্মাণকাৰী কোম্পানীবোৰে এনে কাৰ্য বন্ধ নকৰিলে এদিন নিঃশেষ হৈ যাব অসম।
দেশৰ আন স্থানত নদীবান্ধৰ সলনি তাপবিদ্যুত প্ৰকল্পৰ জৰিয়তে বিদ্যুৎ উৎপাদন কৰা হয়। অসমত স্থাপন কৰা লাকুৱা তাপবিদ্যুৎ প্ৰকল্পৰ বাদে বাকীবোৰত বিদ্যুৎ উৎপাদন প্ৰায় বন্ধ হোৱা বুলি ক'ব পাৰি। অথচ অসমৰ পৰা ছালফাৰ মুক্ত কয়লা বহিঃৰাজ্যলৈ নি তাপবিদ্যুৎ প্ৰকল্পত বিদ্যুৎ উৎপাদন কৰা হয়। নদীবান্ধৰ বিকল্প হিচাপে তাপবিদ্যুৎ প্ৰকল্পসমূহক সু-সংগঠিতভাৱে গঢ়ি তুলিব পৰাৰ সম্ভাৱনা থকাৰ পাছতো এই অঞ্চলটোত কেৱল নদীবান্ধ নিৰ্মাণতেই কেন্দ্ৰই গুৰুত্ব দি আহিছে।
ইফালে, কামেং জলবিদ্যুৎ প্ৰকল্পৰ পৰীক্ষণ বিফল হোৱাৰ পিছত অতি গোপনে নীপকোৱে ৰঙানদী প্ৰকল্পৰ উপৰি অংশত থকা ১১০ মেগাৱাটৰ পাৰে জলবিদ্যুৎ প্ৰকল্পৰ উৎপাদন গোপনে আৰম্ভ কৰিছে। যি সময়ত, ৪০০ মেগাৱাটৰ ৰঙানদী প্ৰকল্পই দিক্ৰং আৰু ৰঙানদীৰ পাৰত থকা অসমৰ গাঁওসমূহত প্ৰতিবছৰে সন্ত্ৰাস সৃষ্টি কৰি আহিছে সেই সময়তে অসমৰ ৰাইজক অান্ধাৰত ৰাখি অতি সংগোপনে নীপকোই এই প্ৰকল্পৰ বাণিজ্যিক উৎপাদনত আৰম্ভ কৰাৰ পিছত চলিত বাৰিষাতে ৰঙানদী আৰু পাৰে প্ৰকল্পৰ বান্ধত আৱদ্ধ পানী এৰি দিবলগীয়া ধৰণৰ পৰিস্থিতি সৃষ্টি হ'লে নামনিত থকা নাৰায়ণপুৰ, বিহপুৰীয়া আদিৰ গাঁওবাসীৰ বিলৈ কেনে হ'ব পাৰে সেই কথা দোহৰাৰ প্ৰয়োজন নাই। এই কথাও সঁচা যে অসমৰ ৰাইজক আন্ধাৰত ৰাখিলেও কেন্দ্ৰীয় চৰকাৰৰ জ্ঞাতসাৰেই নীপকোৱে এনে দুষ্কাৰ্য কৰাৰ সাহস কৰিছে।
চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পাহাৰীয়া নদীতো ভাৰত চৰকাৰৰ প্ৰত্যক্ষ বিনিয়োগ আৰু সহযোগত নদীবান্ধ নিৰ্মাণ হৈছে। তাৰ ফলো অসমে ভোগ কৰিব লাগিব। এনে জলবোমা সদৃশ নদীবান্ধবোৰ বিশ্বৰ উন্নত ৰাষ্ট্ৰবোৰে ইতিমধ্যে বন্ধ কৰিছে। তাৰ পৰিণতি দেখি জনস্বাৰ্থৰ খাতিৰত এনে সিদ্ধান্ত লৈছে সেইবোৰ দেশে। অসমৰ মানুহৰ ভৱিষ্যতৰ শংকাৰ প্ৰতি কিন্তু উদ্বিগ্ন নহয় অকণো কেন্দ্ৰ তথা ৰাষ্ট্ৰ সংঘ।
ভাৰতক এই দিশত ৰাষ্ট্ৰ সংঘই সতৰ্ক কৰি এই অঞ্চলটোৰ মানুহৰ জীৱনৰ প্ৰতি সজাগ-সচেতন হ'বলৈ এনেবোৰ নদীবান্ধ নিৰ্মাণৰ পৰা আঁতৰাই ৰাখিবলৈ হেঁচা প্ৰয়োগ কৰিব পাৰিলে হয়। গোলাঘাটৰ শেহতীয়াকৈ হোৱা জলপ্ৰলয়ৰ বাবে দৈয়াং নদীবান্ধ যে দায়ী সেয়া প্ৰমাণ হ'ল। ৩১ জুলাইত দৈয়াং নদীৰ ওপৰত থকা নদীবান্ধটোৰ ৰেডিয়েল গেট খুলি অতিৰিক্ত পানী উলিয়াই দিয়া হৈছিল। সেয়ে জলপ্ৰবাহ প্ৰতি ছেকেণ্ডত আছিল ১১৫০ ঘন মিটাৰ। ৩২৪ উচ্চতালৈকে পানী ধৰি ৰাখিব পৰা নদীবান্ধটোৰ অতিৰিক্ত পানী এৰি দিয়াৰ পাছত সৃষ্টি হোৱা মহাপ্ৰলয়ক লৈ এতিয়া নীপকোৰ বিৰুদ্ধে প্ৰতিবাদৰ জোৱাৰ উঠিছে।
বিজ্ঞাপন দি নীপকোৱে কৈছে যে, গোলাঘাট জিলা প্ৰশাসনক অৱগত কৰি তেওঁলোকে অতিৰিক্ত পানী এৰি দিছিল। প্ৰশ্ন হয়, এদিন দুদিন বা কেইঘণ্টামানৰ আগত জিলা প্ৰশাসনে এনে সতৰ্কবাণী লাভ কৰাৰ পাছত খুব বেছি মাইকযোগে সেই অঞ্চলৰ মানুহবোৰক ওখ ঠাইলৈ আতৰি যাবলৈ অনুৰোধ কৰিব পাৰে। কিন্তু, ঘৰ-দুৱাৰ, পশুধন, খেতিপথাৰ আৰু অন্যান্য স্থাৱৰ সম্পত্তিক এনে মহাপ্ৰলয়ৰ পৰা ৰক্ষা কৰিব পাৰিবনে? সেই প্ৰশ্নৰ উত্তৰ নীপকোৰ বা বান্ধ নিৰ্মাণকাৰী কোম্পানী তথা চৰকাৰে দিয়ক।
বানে মুহূৰ্ততে সংহাৰ ৰূপ ধাৰণ কৰি তাণ্ডৱ চলোৱাৰ পাছত কাকতত বিজ্ঞাপন দি বানাক্ৰান্তৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শনৰ ধৃষ্টতা কৰিছে নীপকোৰ কৰ্তৃপক্ষই। সকলো শেষ হৈ যোৱাৰ পাছত আপোনালোকৰ সহমৰ্মিতাৰ প্ৰয়োজন নাই এইসকল লোকৰ। তেওঁলোকক আপোনালোকে উপযুক্ত ক্ষতিপূৰণ দিবই লাগিব। সমান্তৰালভাৱে কেন্দ্ৰ তথা নদীবান্ধ নিৰ্মাণকাৰী কোম্পানীবোৰে বুজিব লাগিব নদীবান্ধৰ বিৰুদ্ধে কিয় ইমান ব্যাপক প্ৰতিবাদ হৈছে।
যদি নদীবান্ধ থাকে, তেন্তে বাৰিষাত আকৌ এনে পৰিস্থিতিৰেই সৃষ্টি হ'ব। আজি গোলাঘাটত, কাইলৈ নামনি অসমত আৰু এদিন ধেমাজি, লখিমপুৰ, মাজুলী, যোৰহাটলৈ একেই শংকা কঢ়িয়াই আনিব এই নদীবান্ধে। ভূমিকম্প প্ৰৱণ অঞ্চলটোত নদীবান্ধৰ প্ৰতি ভূমিকম্পই কিমান বিপদ মাতিব পাৰে সেয়া কল্পনাই কৰিব নোৱাৰি। প্ৰাণ হাতৰ মুঠিত লৈ থাকিবলৈ, ভৱিষ্যতৰ শংকা বুকুত বান্ধি লৈ ফুৰিবলৈ আমাক কেতিয়াও নালাগে নদীবান্ধ। এই আহ্বান কেন্দ্ৰ চৰকাৰে শুনিবই লাগিব। নদীবান্ধ বন্ধ কৰিবলৈ জনোৱা প্ৰতিবাদ সঁচা অৰ্থত আমাক জীয়াই থাকিবলৈ দিয়কৰ দৰে এক অধিকাৰ সদৃশ আহ্বানহে।