/asomiyapratidin/media/media_files/2025/10/31/93-2025-10-31-16-57-09.jpg)
ডিজিটেল সংবাদ, শিলচৰ : আজি সমগ্ৰ ৰাজ্যৰ লগতে দেশৰ কেইবাখনো চহৰত একেলগে মুক্তি লাভ কৰা জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে চিনেমাখন শিলচৰৰ চাৰিখন স্ক্ৰীনত প্ৰদৰ্শন কৰা হয়। শিলচৰৰ গ’ল্ড চিনেমা হলৰ তিনিখন আৰু আন এটা হলত প্ৰদৰ্শন কৰা হয় ৰৈ ৰৈ বিনালে।
প্ৰতিদিনে চাৰিটাকৈ দৰ্শনীৰ ব্যৱস্থা কৰা চিনেমা হল কৰ্তৃপক্ষই প্ৰথমটো দৰ্শনী পুৱা ক্ৰমে- ১০-৩০, ১০-৪৫ আৰু ১১ বজাৰ পৰা আৰম্ভ কৰে। জুবিন গাৰ্গৰ এই বহু প্ৰতিক্ষীত চিনেমাখন চাবলৈ লানি নিছিগা ভিৰ হয় দৰ্শকৰ।
প্ৰতিটো চিনেমা হলতে জুবিন গাৰ্গৰ ফটোত শ্ৰদ্ধাঞ্জলি জনাই হলৰ ভিতৰত প্ৰৱেশ কৰে দৰ্শকসকল। ৰৈ ৰৈ বিনালে চাই হলৰ পৰা ওলাই অহা একাংশ দৰ্শকে হুক হুকাই কান্দি দিয়ে। কান্দি কান্দিয়ে বিচাৰিলে জুবিন গাৰ্গৰ ন্যায়।
প্ৰতিগৰাকী দৰ্শকে প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ ৰহস্যৰ উচিত তদন্ত দাবী কৰাৰ লগতে শিল্পীজনক ন্যায় দিবলৈও চৰকাৰৰ ওচৰত দাবী জনায়। আন একাংশ দৰ্শকৰ মতে ৰৈ ৰৈ বিনালে চিনেমাখনৰ পৰা বহু কথা শিকিবলগীয়া আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us