বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প মুকলিৰ পাছতে ইটালী, বেলজিয়াম আৰু লিথুৱেনিয়াৰ পৰ্যটকৰ আগমন

বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প তথা শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ মুকলি হোৱাৰ পাছতে ইংৰাজী নৱবৰ্ষৰ দ্বিতীয় দিনা গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত হৈছে ইটালী, বেলজিয়াম আৰু লিথুৱেনিয়াৰ পৰ্যটক। থান পৰিচালনা সমিতিয়ে গামোছাৰে আদৰণী জনোৱা লগতে অসমীয়া পিঠা চাহৰে কৰে আপ্যায়ন।

author-image
Asomiya Pratidin
New Update
573

ডিজিটেল সংবাদ, বটদ্ৰৱা : বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প তথা শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ মুকলি হোৱাৰ পাছতে ইংৰাজী নৱবৰ্ষৰ দ্বিতীয় দিনা গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত হৈছে ইটালী, বেলজিয়াম আৰু লিথুৱেনিয়াৰ পৰ্যটক। থান পৰিচালনা সমিতিয়ে গামোছাৰে আদৰণী জনোৱা লগতে অসমীয়া পিঠা চাহৰে কৰে আপ্যায়ন।

ইংৰাজী নৱবৰ্ষৰ দ্বিতীয় দিনা জাতীয় সাজ পৰিধান কৰি অসমীয়া জাতিৰ জনক জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানলৈ আগমন ঘটে ভকত বৈষ্ণৱ, আইমাতৄ, দৰ্শনাৰ্থী, তীৰ্থযাত্ৰীৰ। দেখা গ'ল ইটালী, বেলজিয়াম আৰু লিথুৱেনিয়াৰ পৰ্যটককো। সম্পূৰ্ণ অসমীয়া জাতীয় সাজ পৰিধান কৰি সেৱা ল'লে নেদেখা জনৰ। অংশ ল'লে নামকীৰ্তনত।

ইটালীৰ জেক'পো(Jacopo Morano) (Italy) বেলজিয়ামৰ জেন মেচনিয়েৰ(Jean Meyssonnier) (Belgium) লিথুৱানিয়াৰ উৰ্তে ভেনচিউট Urte Venciute (Lithuania) এই তিনিগৰাকী পৰ্যটকে শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ ঐতিহ্যমণ্ডিত স্থান, বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প দৰ্শন কৰি আপ্লুত হৈ পৰে। ইফালে অসমীয়া মানুহৰ মৰম চেনেহ, অসমীয়া সংস্কৃতি, নৈসৰ্গিক পৰিবেশ সকলোতে মুগ্ধ হৈ পৰা বুলি প্ৰকাশ কৰে।

বটদ্ৰৱা থান