বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পিছতে অসমত কংগ্ৰেছ নেতৃত্বক আক্ৰমণ একাংশৰ...

বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ পৰা কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰলৈকে সকলোএই আক্ৰমণৰ বলি হৈছে। কংগ্ৰেছক আক্ৰমণ কৰা, ট্র’লিং, মীম, অপমানসূচক মন্তব্য কৰা সন্দৰ্ভত বিৰোধীয়ে ক্ষোভ প্ৰকাশ কৰিছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গুৱাহাটীঃ   বিহাৰত এন ডি এ ৰ বৃহৎ জয়ৰ পিছত অসমত সক্ৰিয় হৈ পৰিছে নেকি বিজেপিৰ আইটি চেল? শুকুৰবাৰে বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পিছত অসমত কংগ্ৰেছ নেতাক সামাজিক মাধ্যমত আক্ৰমণৰ লক্ষ্য কৰি লৈছে একাংশই।

বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ পৰা কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰলৈকে সকলোএই আক্ৰমণৰ বলি হৈছে। কংগ্ৰেছক আক্ৰমণ কৰা, ট্র’লিং, মীম, অপমানসূচক মন্তব্য কৰা সন্দৰ্ভত বিৰোধীয়ে ক্ষোভ প্ৰকাশ কৰিছে।

এই ঘটনাৰ অভিযুক্ত শাৰিৰীক নিৰ্যাতনকাৰীতকৈও নিকৃষ্ট বুলি আজি সামাজিক মাধ্যমত মন্তব্য কৰে মীৰা বৰঠাকুৰে। এনে লোক সকলক সামাজিক মাধ্যমৰ ধৰ্ষণকাৰী আখ্যা মীৰা বৰঠাকুৰৰ। সামাজিক মাধ্যমত কংগ্ৰেছৰ নেতা-কৰ্মীৰ ভাৱমূৰ্তি নষ্ট কৰাৰ যি অপচেষ্টা চলিছে এই কাণ্ডক অতি তলখাপৰ বুলি মন্তব্য কৰে মীৰা বৰঠাকুৰে।

বিশ্লেষকসকলৰ অভিযোগ, ইমান পৰিকল্পিত ধৰণেৰে আৰু বৃহৎ আক্ৰমণ কৰাসকলক কেতিয়াও সাধাৰণ ব্যক্তি নহয়। এওঁলোক হয়তো বিজেপি আই টি চেলৰ কৰ্মী।" আনহাতে, এই ঘটনাক তীব্র গৰিহণা দিয়ে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে। 

ফেচবুক লাইভযোগে তেওঁ অভিযোগ কৰে যে,বিহাৰত পৰাজয় দেখিবলৈ পোৱাৰ পিছতেই অসমত কংগ্ৰেছ নেতাসকলৰ ওপৰত আক্রমণ আৰম্ভ হয়। এয়া গণতান্ত্ৰিক মূল্যবোধৰ ওপৰত আঘাত। তাৰোপৰি বিৰোধী নেতৃত্ব দেৱব্ৰত শইকীয়াও ডিজিটেল আক্রমণৰ বিৰোধিতা কৰি কয় যে, "ৰাজনীতিত মতভেদ চলিব পাৰে, কিন্তু ব্যক্তিগত জীৱনৰ তথ্য বিকৃত কৰি উপহাস কৰাতো গ্রহণযোগ্য নহয়। 

এতিয়া বিৰোধীয়ে ইয়াৰ প্ৰত্যুত্তৰ কেনেদৰে দিব সেয়া লক্ষ্যণীয় হ'ব।

কংগ্ৰেছ