/asomiyapratidin/media/media_files/2025/08/28/d1855a2a-5bd7-49e8-a5e7-1cb80879eee7-2025-08-28-10-22-31.jpg)
ডিজিটেল ডেস্কঃ আই পি এলক বিদায় দিলে তাৰকা ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনে। যোৱা বুধবাৰে আই পি এলৰ পৰা সন্যাস হোৱাৰ কথা ৰাজহুৱা কৰিলে ক্ৰিকেটাৰগৰাকীয়ে। চেন্নাই ছুপাৰ কিংগছৰ বাবে খেলা অলৰাউণ্ডাৰ তথা স্পিনাৰ বলাৰগৰাকীক ২০২৫ত ৯.৭৫কোটি টকাত ক্ৰয় কৰা হৈছিল।
সামাজিক মাধ্যমযোগে এটা বিশেষ পোষ্ট কৰি আই পি এলক বিদায় দিয়াৰ কথা ঘোষণা কৰে অশ্বিনে। অশ্বিনে লিখিছে যে, সকলো সমাপ্তিয়ে এটা নতুন পথৰ সন্ধান দিয়ে। আজি মোৰ আই পি এলৰ সৈতে যাত্ৰা ইতি পৰিল। কিন্তু এয়া ক্ৰিকেটত মোৰ সমাপ্তি নহয়, বিশ্বৰ নানা ফৰ্মেটত এতিয়া মই আগতকৈ অধিক সক্ৰিয়তাৰে খেলি অভিজ্ঞতা বুটলিম।
অশ্বিনে চি এছ কেৰ উপৰিও পুণে, পাঞ্জাৱ, দিল্লী আৰু ৰাজস্থানৰ দলৰ হৈও খেলিছে আই পি এল। আই পি এল কেৰিয়াৰত মুঠ ২২০খন খেলত ১৮৭টা উইকেট দখল কৰিছিল খেলুৱৈগৰাকীয়ে। ৮৩৩ৰাণ সংগ্ৰহ কৰিছিল আই পি এলত। ইয়াৰ ভিতৰত আছে এটা অৰ্ধশতকো।