/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-27/nqvbvcf7/web-2-ap.png)
ডিজিটেল ডেস্কঃ ১২০ কিঃমিঃ বেগেৰে গতি লোৱা ঘূৰ্ণীবতাহ 'ডানা'ই বিস্তৰ ক্ষতিসাধন কৰিছে ওড়িশাত। ফলস্বৰূপে ওড়িশাবাসীৰ জনজীৱন ব্যাহত হৈ পৰিছে ৷ ৰাজ্যখনত ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ ফলত ঠায়ে ঠায়ে গছ উভালি পৰাৰ লগতে বিভিন্ন স্থানত ৰাইজৰ ব্যাপক ক্ষতি হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-27/lstpzdnr/cyclone-174947437-16x91.avif)
ধাৰাসাৰ বৰষুণৰ পিছত নদ-নদীসমূহৰ জলস্তৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বানৰ কবলত পৰিছে ওড়িশাৰ হাজাৰ হাজাৰ গাঁও। লগে লগে প্ৰশাসনৰ বন্যাৰ্তক স্থানান্তৰক ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-27/8ncqy31u/odisha-cyclone-dana-disaster-management-252521185-16x90.avif)
প্ৰাপ্ত তথ্য অনুসৰি,পোন প্ৰথমে প্ৰায় ৮.১ লাখ লোক সাহাৰ্য শিবিৰত আশ্ৰয় লৈছিল। পৰিস্থিতি কিছু শান্ত হোৱাত বৰ্তমান ১.১ লাখ লোক শিবিৰত আশ্ৰয় লৈ আছে। উল্লেখ কৰা প্ৰয়োজন যে, ঘূৰ্ণীবতাহৰ সময়ছোৱাত ২৮ জনকৈ লোক সৰ্প দংশনৰ কবলত পৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-27/kz4wii8x/Pic42L2E.jpg)
ইফালে ঘূৰ্ণীবতাহ আৰু বানৰ কবলত পৰা সাধাৰণ ৰাইজৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে ভাৰতীয় নৌসেনা ৷ তেওঁলোকে শনিবাৰে প্ৰকাশ কৰা এক বিবৃতিৰ জৰিয়তে জানিবলৈ দিয়ে যে, ভাৰতীয় নৌসেনাই ৰাজ্যখনৰ অন্তৰ্গত কানহাপুৰ, বাগাপটিয়া, বৰাহিপুৰ, মগৰকান্দা, চাৰিঘেৰিয়া আৰু সতভায়াকে ধৰি ক্ষতিগ্ৰস্ত গাঁওসমূহৰ তাৎক্ষণিক প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সাহায্য বিতৰণ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-27/h3g3qb00/Pic5BERX.jpg)
উল্লেখ্যযোগ্য যে, বাটিপাদা আৰু তালচুৱাত সাহায্য শিবিৰ স্থাপন কৰি ঘূৰ্ণীবতাহৰ প্ৰভাৱত ক্ষতিগ্ৰস্তসকলক ভাৰতীয় সেনাই অত্যাৱশ্যকীয় সহাই আগবঢ়ায়।ডানাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা সকলৰ মাজত মুঠ ৯ হাজাৰ খাদ্য বিতৰণ কৰে।
Also Read: চামগুৰিঃ নুৰুল-ৰকি-তাঞ্জিলৰেই নেকি ?