/asomiyapratidin/media/media_files/2025/11/24/yhhhdd-2025-11-24-16-51-01.jpg)
ডিজিটেল ডেস্কঃ ১৬বছৰতকৈ কম বয়সৰ কোনোৱে চলাব নোৱাৰিব ফেচবুক, ইনষ্টাগ্ৰাম অথবা অন্যান্য সামাজিক মাধ্যম। ২০২৬ৰ পৰা এই প্ৰতিবন্ধকতাক লৈ আইন প্ৰস্তুত কৰিব কেন্দ্ৰীয় চৰকাৰে। ইতিমধ্যে ইয়াক লৈ প্ৰায় সকলোখিনি গাইডলাইন প্ৰস্তুত কৰিছে চৰকাৰে। অৱশ্যে এই প্ৰতিবন্ধকতা ভাৰতত নহয়।অষ্ট্ৰেলিয়াৰ পাছতে এতিয়া মালয়েচিয়াতহে আৰোপ কৰিব দেশখনৰ চৰকাৰে।
উল্লেখ কৰা প্ৰয়োজন যে, সামাজিক মাধ্যমৰ ব্যৱহাৰ বন্ধ কৰাক লৈ মালয়েচিয়াত বিগত কেইবাবছৰ ধৰি বাক-বিতণ্ডা অব্যাহত আছিল। যুৱ প্ৰজন্মৰ শাৰিৰিক আৰু মানসিক স্বাস্থ্য সুস্থিৰ কৰিবলৈ অৱশেষত মালয়েচিয়া চৰকাৰে এই সিদ্ধান্তত মোহৰ মাৰিব বুলি খবৰ প্ৰকাশ পাইছে।
মালয়েচিয়াৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী ফহমী ফডজিলে এই সন্দৰ্ভত কয় যে, অষ্ট্ৰেলিয়াৰ দৰে দেশত সামাজিক মাধ্যমৰ ব্যৱহাৰৰ ক্ষেত্ৰত বয়স নিৰ্ধাৰণ কৰি দিয়া হৈছে। ইয়াৰ পৰা যুৱচামৰ মাজত ধনাত্মক প্ৰভাৱ পৰিছে বুলি অধ্যয়নত পোহৰলৈ আহিছে। গতিকে আমিও এই সিদ্ধান্ত গ্ৰহণৰ দিশে আগবাঢ়িছো।
উল্লেখ কৰা প্ৰয়োজন যে, অষ্ট্ৰেলিয়াত ১৬বছৰতকৈ কম বয়সৰ কিশোৰ-কিশোৰীৰ নামত থকা সকলো সামাজিক মাধ্যমৰ একাউন্ট বন্ধ কৰি দিছে চৰকাৰে। লগতে কোনোৱে এই আইন ভংগ কৰিলে কঠোৰ শাস্তি প্ৰদানৰ কথাও উল্লেখ কৰা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us