/asomiyapratidin/media/media_files/2026/01/16/640-2026-01-16-08-54-42.jpg)
ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰৰ ২৯ খন পৌৰ নিগমৰ বাবে বৃহস্পতিবাৰে অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ পৰ্ব । ৯ বছৰৰ পাছত অনুষ্ঠিত হোৱা এই নিৰ্বাচনৰ দিনটো উৎসাহৰ সাক্ষী হোৱাৰ বিপৰীতে বহু ঠাইত ভোটৰ হাৰ আশা কৰাতকৈ কম হোৱা দেখা যায় । এতিয়া শাসনৰ বাঘজৰী কাৰ হাতলৈ যাব, তাতেই দৃষ্টি আবদ্ধ আছে সকলোৰে ।
ইতিমধ্যে ভোট গণনাৰ বাবে সাজু প্ৰশাসন হৈছে। পৌৰ নিগমৰ ভোটদানৰ পিছত ভোটগণনাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে । শুকুৰবাৰে পুৱা ১০ বজাৰ পৰা পানভেল পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে ৷ চহৰখনৰ মুঠ ৬ টা স্থানত একেলগে ভোটগণনা অনুষ্ঠিত হ’ব ৷
এই গণনা প্ৰক্ৰিয়াৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে প্ৰশাসনে । আৰক্ষীৰ কটকটীয়া নিৰাপত্তা, চি চি টিভি সংস্থাপনৰ লগতে প্ৰতিটো গণনা কেন্দ্ৰত অগ্নিনিৰ্বাপক আৰু চিকিৎসা কৰ্মীৰ দল মোতায়েন কৰা হ’ব বুলি পানভেল পৌৰ নিগমৰ উপ-আয়ুক্ত নানাছাহেব কামথে জানিবলৈ দিয়ে ।
আনহাতে গণনা প্ৰক্ৰিয়াৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয়, সেয়া ৰোধ কৰিবলৈ গণনা কেন্দ্ৰসমূহৰ এলেকাত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে । উপ-আয়ুক্ত নানাচাহেব কামথে এই সন্দৰ্ভত কয়- ভোটগণনা যাতে সুকলমে, স্বচ্ছ আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন হয়, তাৰ বাবে বিষয়া-কৰ্মচাৰী আৰু আৰক্ষী কৰ্মীসকল সম্পূৰ্ণ সাজু । গণনাৰ সময়ত প্ৰাৰ্থীৰ প্ৰতিনিধি, নিৰ্বাচন পৰ্যবেক্ষক আৰু প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকিব । সমগ্ৰ জিলাখনে এই গণনাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, যিয়ে পানভেলৰ ৰাজনৈতিক ভৱিষ্যত নিৰ্ণয় কৰিব ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us