১১ নম্বৰত ল’ৰা সন্তান লাভ কৰি ১০ গৰাকী কন্যাৰ নামেই পাহৰিলে পিতৃয়ে!

৪ জানুৱাৰীত জিন্দৰ এখন ব্যক্তিগত চিকিৎসালয়ত সুনীতাই এটি পুত্ৰ সন্তান জন্ম দিয়ে। চিকিৎসা কৰ্মীৰ মতে, ১১ বাৰকৈ গৰ্ভধাৰণ কৰাৰ বাবে মাতৃগৰাকীৰ স্বাস্থ্যৰ অৱস্থা যথেষ্ট সংকটজনক আছিল আৰু তেওঁক ৩ ইউনিট তেজৰ প্ৰয়োজন হৈছিল।

author-image
Asomiya Pratidin
New Update
new ap web 3 (31)

ডিজিটেল ডেস্কঃ  পুত্ৰ সন্তানৰ প্ৰবল হেঁপাহৰ বাবে হৰিয়ানাত সংঘটিত হৈছে এক মৰ্মান্তিক আৰু আচৰিত ঘটনা। জানিব পৰা মতে, ফতেহাবাদ জিলাৰ বাসিন্দা ৩৮ বছৰীয়া সঞ্জয় কুমাৰ আৰু তেওঁৰ ৩৭ বছৰীয়া পত্নী সুনীতাই ২০০৭ চনত বিবাহপাশত আবদ্ধ হৈছিল। যোৱা ১৯ বছৰ ধৰি তেওঁলোকে এটা পুত্ৰ সন্তানৰ আশা কৰি আছিল। 

 ৪ জানুৱাৰীত জিন্দৰ এখন ব্যক্তিগত চিকিৎসালয়ত সুনীতাই এটি পুত্ৰ সন্তান জন্ম দিয়ে। চিকিৎসা কৰ্মীৰ মতে, ১১ বাৰকৈ গৰ্ভধাৰণ কৰাৰ বাবে মাতৃগৰাকীৰ স্বাস্থ্যৰ অৱস্থা যথেষ্ট সংকটজনক আছিল আৰু তেওঁক ৩ ইউনিট তেজৰ প্ৰয়োজন হৈছিল।চিকিৎসালয়ত আনন্দ কৰি থকা অৱস্থাত এজন সাংবাদিকে সঞ্জয়ক তেওঁৰ ১০ গৰাকী কন্যাৰ নাম ক’বলৈ অনুৰোধ কৰে।

সঞ্জয়ে ডাঙৰ কেইগৰাকীমানৰ নাম ক’ব পাৰিলে যদিও বাকী কেইগৰাকীৰ নাম কওঁতে তেওঁ বাৰে বাৰে থমকি ৰয় আৰু হাঁহি মাৰি স্বীকাৰ কৰে যে তেওঁ সকলোৰে নাম মনত পেলাব পৰা নাই। এই ভিডিঅ’টো সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ লগে লগে নেটিজেনসকলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

উল্লেখ্য যে, নিজ সন্তানৰ নাম মনত পেলাব নোৱাৰা কাণ্ড আনন্দত নে পুত্ৰ মোহৰ বাবে সেয়া স্পষ্ট নহয়। অৱশ্যে সঞ্জয়ে সংবাদ মাধ্যমৰ আগত কয় যে, তেওঁ নিজৰ কন্যাসকলক যথেষ্ট ভাল পায়। তেওঁলোকক পঢ়ুৱাবলৈ চেষ্টা কৰিছে। তেওঁৰ জ্যেষ্ঠ কন্যা বৰ্তমান দ্বাদশ শ্ৰেণীৰ ছাত্ৰী। তেওঁৰ মতে, পুত্ৰ সন্তান লাভৰ বাবে তেওঁৰ ডাঙৰ কন্যাসকলেও প্ৰাৰ্থনা কৰিছিল।

সন্তান