/asomiyapratidin/media/media_files/2025/11/17/whatsapp-image-2025-11-17-13-45-20.jpeg)
ডিজিটেল ডেস্কঃ গাহৰি মাংস আপোনাৰ প্ৰিয় নেকি। যদি প্ৰিয় তেন্তে খোৱাৰ আগত ১০০ বাৰ ভাৱক । কিয়নো ৰাজ্যত আফ্ৰিকান ছোৱাইন ফিভাৰৰ ভয়ংকৰ সংক্ৰমণ দেখিব পোৱা গৈছে।
উল্লেখ্য যে ইখনৰ পাছত সিখন জিলালৈ বিয়পিছে আফ্ৰিকান ছোৱাইন ফিভাৰ। ৰাজ্যৰ বিভিন্ন ঠাইত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ ফলত হাজাৰ হাজাৰ গাহৰি নিধন হৈছে। ইয়াৰ ফলত ক্ষুদ্ৰ আৰু বৃহৎ গাহৰি পালকসকলৰ যথেষ্ট ক্ষতি হোৱা পৰিলক্ষিত হয় ।
তাৰোপৰি ৭খন জিলাত গাহৰি মাংসৰ বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা জাৰি কৰা জিলা কেইখন হৈছে- ধেমাজি, লখিমপুৰ, শিৱসাগৰ, দৰঙৰ লগতে যোৰহাট, ডিব্ৰুগড়, কামৰূপতো নিষিদ্ধ কৰিছে গাহৰি মাংস।
আনফালে উজনি অসমৰ বিশেষকৈ শিৱসাগৰ, ধেমাজি, ডিব্ৰুগড় আৰু লখিমপুৰত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ সর্বাধিক বুলি জানিব পৰা গৈছে। লখিমপুৰ জিলাত পশুপালন বিভাগে এহেজাৰ ৭০৬টা গাহৰি নিধন কৰাৰ লগতে জিলাখনৰ ২৯ টা স্থানৰ ৩৪ খন গাহৰি ফাৰ্মৰ গাহৰি নিধন কৰিছে। জিলাখনত ৯ নৱেম্বৰৰ পৰা গাহৰি বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
তাৰোপৰি,ছোৱাইন ফিভাৰৰ ফলত ৰাজ্যত ৬ হাজাৰৰো অধিক গাহৰিৰ মৃত্যু হৈছে। সমগ্ৰ ৰাজ্যতে ইখনৰ পৰা সিখন জিলালৈ নিষিদ্ধ কৰিছে গাহৰি মাংস।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us