ঢকুৱাখনাত আফ্ৰিকান চোৱাইন ফেভাৰৰ প্ৰাদুৰ্ভাৱ, একেদিনাই নিধন ১৮টা গাহৰি

ঢকুৱাখনাত ভয়ংকৰ ভাৱে বৃদ্ধি পাইছে আফ্ৰিকান চোৱাইন ফেভাৰৰ প্ৰাদুৰ্ভাৱ।

author-image
Asomiya Pratidin
New Update
sfdwrdwe

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনাত ভয়ংকৰ ভাৱে বৃদ্ধি পাইছে আফ্ৰিকান চোৱাইন ফেভাৰৰ প্ৰাদুৰ্ভাৱ। ঢকুৱাখনাৰ খেৰকটা অঞ্চলৰ ৰুৱান পিগ ব্ৰিডিং ফাৰ্মাৰ মুঠ ১৮ টা সৰু-বৰ গাহৰিৰ দেহত এই ৰোগৰ সংক্ৰমণৰ প্ৰামানিক তথ্য লাভ কৰি জিলা পশুপালন আৰু চিকিৎসা বিভাগে ৰোগাক্ৰান্ত গাহৰি সমূহ নিধন কৰে। 

Advertisment

উল্লেখযোগ্য যে, লখিমপুৰ জিলা পৰিষদৰ অৰ্থ সাহায্যৰে ঢকুৱাখনা জিলা পৰিষদৰ অন্তৰ্গত খেৰকটাত স্থাপন কৰা হৈছিল শ্যামাপ্ৰসাদ মুখাৰ্জী ৰুৱান অভিযানৰ অন্তৰ্গত গাহৰি ব্ৰিডিং ফাৰ্ম । এই ফাৰ্মত যোৱা ১৫ আগষ্টত এজনী গাহৰিয়ে গৰ্ভপাত কৰাৰ খবৰ পাই ঢকুৱাখনা ৰাজ্যিক পশুপালন বিভাগৰ চিকিৎসক ডাঃ ৰূপম গগৈ উপস্থিত হয়। পৰৱৰ্তী সময়ত ১৭ আগষ্টত গাহৰিজনীৰ মৃত্যু হয়।

ইয়াৰ পাছতে চিকিৎসকে নিশা ৯ বজাত গাহৰিৰ পৰা তেজৰ নমুনা সংগ্ৰহ কৰি এন ই আৰ ডি ডি এল কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰে। বৃহস্পতিবাৰে কৰ্তৃপক্ষৰ পৰা জিলা পশু চিকিৎসা বিভাগলৈ অহা তেজৰ প্ৰতিবেদনত পোহৰলৈ আহে গাহৰিৰ দেহত আফ্ৰিকান  ছোৱাইন ফেভাৰত আক্ৰান্ত হোৱাৰ খবৰ । 

লগে লগে জিলা পশুপালন বিভাগে সতৰ্কতা মূলক ব্যৱস্থা গ্ৰহণ কৰি বৃহস্পতিবাৰে দুপৰীয়া এটা উচ্চস্তৰীয় দল উপস্থিত হয় ঢকুৱাখনাত। জিলা পশুপালন আৰু চিকিৎসা বিষয়া অক্ষয়ব্ৰত কিশোৰী, ঢকুৱাখনাৰ পশু চিকিৎসা বিষয়া ডাঃ ৰূপম গগৈ , ঘিলামৰাৰ চিকিৎসা বিষয়া ডাঃ মানবেন্দ্ৰ গগৈ, সহকাৰী আয়ুক্ত ৰাহুল প্ৰক্ষেনজিৎ গগৈ আদিৰ লগতে বিভাগীয় কৰ্মচাৰী আৰু জিলা পৰিষদৰ কৰ্মচাৰী সকল উপস্থিত থাকি ফাৰ্মখনৰ গাহৰি আৰু পোৱালীসহ মুঠ ১৮ টা গাহৰি বৈজ্ঞানিক পদ্ধতিৰে নিধন কৰে আৰু বিধিগত প্ৰক্ৰিয়াৰে নিষ্কাষণ কৰে । লগতে ১০ কিলোমিটাৰ ব্যাসাৰ্ধ এলেকাত গাহৰি মাংস বিক্ৰী, ভক্ষণ আৰু পালন নিষিদ্ধ ঘোষণা কৰিছে প্ৰশাসনে। 

ঢকুৱাখনা