ভয়ংকৰ বিপদত পাকিস্তান!

আফগানিস্তানে পাকিস্তানলৈ বৈ যোৱা পানী বন্ধ কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। পাকিস্তানলৈ পানীৰ সোঁত নিয়ন্ত্ৰণ কৰিবলৈ কুনাৰ নদীত অতি সোনকালে মথাউৰি নিৰ্মাণৰ নিৰ্দেশ দিছে তালিবানৰ উচ্চতম নেতা মোল্লা হিবাতুল্লাহ আখুণ্ড্জাদাই।

author-image
Asomiya Pratidin
New Update
AP WEB 25 (1)

ডিজিটেল ডেস্কঃ এতিয়া যেন ভাৰতৰ আদৰ্শকৰে অনুসৰণ কৰি আফগানিস্তানে। পাকিস্তানৰ বাবে মূৰৰ বিষ হৈ পৰা আফগানিস্তানে পাকিস্তানলৈ বৈ যোৱা পানী বন্ধ কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। পাকিস্তানলৈ পানীৰ সোঁত নিয়ন্ত্ৰণ কৰিবলৈ কুনাৰ নদীত অতি সোনকালে মথাউৰি নিৰ্মাণৰ নিৰ্দেশ দিছে তালিবানৰ উচ্চতম নেতা মোল্লা হিবাতুল্লাহ আখুণ্ড্জাদাই। ইয়াৰ ফলত পাকিস্তানত জল সংকট হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। 

এই সমগ্ৰ বিষয় সন্দৰ্ভত আফগানিস্তানৰ ভাৰপ্ৰাপ্ত জলমন্ত্ৰী মোল্লা আব্দুল লতিফ মনছুৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত উল্লেখ কৰে যে, “আফগানসকলৰ নিজৰ পানী নিজেই পৰিচালনা কৰাৰ অধিকাৰ আছে।” তেওঁ লগতে কয় যে, এই বান্ধটো বিদেশী কোম্পানীয়ে নহয়, আফগান কোম্পানীয়ে নিৰ্মাণ কৰিব।

উল্লেখযোগ্য যে, আফগানিস্তানে যদি এই নদীত বান্ধ নিৰ্মাণ কৰে তেন্তে ইয়াৰ ফলত পাকিস্তানৰ খেতিপথাৰ আৰু জনসাধাৰণৰ বাবে পানীৰ তীব্ৰ নাটনি হ’ব। ভাৰতৰ পানীৰ নিষেধাজ্ঞাই ইতিমধ্যে পাকিস্তানত খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিছে। তদুপৰি কুনাৰ বা কাবুল নদীৰ ওপৰত কোনো জল সন্ধি নাই, অৰ্থাৎ পাকিস্তানে আফগানিস্তানক আইনগতভাৱে বাধা দিব নোৱাৰে। ফলত এতিয়া ভয়ংকৰ বিপদত পৰিছে চুবুৰীয়া দেশখন।

পাকিস্তান