/asomiyapratidin/media/media_files/2025/09/02/afghanistan-2025-09-02-11-22-28.jpeg)
ডিজিটেল ডেস্কঃ দেওবাৰে গভীৰ নিশা অহা ভূমিকম্পৰ ফলত এই পৰ্যন্ত আফগানিস্তানত মৃতকৰ সংখ্যা ৮০০ অতিক্ৰম কৰিছে। আহতৰ সংখ্যাও ১০ হাজাৰতকৈ অধিক। তালিবান শাসিত দেশখনত এনে দুৰ্যোগৰ সময়ত আঘাতপ্ৰাপ্তৰ প্ৰয়োজনীয় চিকিৎসা সেৱাক লৈ নানান প্ৰশ্ন উত্থাপন হৈছে।
তাৰ মাজতেই অৱশ্যে ভাৰত চৰকাৰে তাৎক্ষণিকভাৱে মানৱীয় সাহায্য প্ৰেৰণ কৰিছে। গৃহহীন হোৱা লোকসকলৰ বাবে অস্থায়ী টেণ্ট আৰু খাদ্য সামগ্ৰী সোমবাৰে প্ৰেৰণ কৰি ভাৰত চৰকাৰে এই কথাও ঘোষণা কৰিছে প্ৰয়োজনীয় সকলো ধৰণৰ সহযোগিতাৰ বাবে দেশখনৰ কাষত আছে ভাৰত।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বৈদেশীক মন্ত্ৰী ড০ এছ জয়শংকৰে এক্সৰ জৰিয়তে দেশখনৰ এই দুৰ্যোগৰ বাবে শোক প্ৰকাশ কৰাৰ লগতে সকলোধৰণৰ সহায়, সহযোগিতাৰ প্ৰতিশ্ৰুতি দিছে। তাৰ মাজতেই সোমবাৰে নিশা বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে অৱগত কৰে যে আফগানিস্তানলৈ সাহায্য প্ৰেৰণৰ কাম আৰম্ভ হৈছে। ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে, চাউল, টেণ্ট তম্বু আৰু অন্যান্য খাদ্য সামগ্ৰী ভৰ্তি ট্ৰাক কাবুল অভিমুখে ৰাওনা হৈছে।
আনহাতে এছ জয়শংকৰে কয় যে তেওঁ আফগান বৈদেশিক মন্ত্ৰী মৌলৱী আমিৰ খান মুত্তাকিৰ সৈতে তেওঁ কথা পাতিছে। তেওঁ জনাইছে যে, প্ৰাৰম্ভিকভাৱে ১০০০ পৰিয়াললৈ অস্থায়ী টেণ্ট প্ৰেৰণ কৰিছে। ১৫ টন খাদ্য সামগ্ৰী কুনাৰলৈ প্ৰেৰণ কৰিছে।
আজিৰে পৰা ভাৰতে দেশখনলৈ অধিক সাহায্য সামগ্ৰী প্ৰেৰণৰ কাম আৰম্ভ কৰিব। এই কঠিন সময়ত আফগানিস্তানৰ কাষত ভাৰত থিয় দিছে বুলিও তেওঁ উল্লেখ কৰিছে।
Spoke with Afghan Foreign Minister Mawlawi Amir Khan Muttaqi today. Expressed our condolences at the loss of lives in the earthquake.
— Dr. S. Jaishankar (@DrSJaishankar) September 1, 2025
Conveyed that India has delivered 1000 family tents today in Kabul. 15 tonnes of food material is also being immediately moved by Indian Mission… pic.twitter.com/whO2iTBjS8
আনহাতে ৰাষ্ট্ৰসংঘৰ মানৱীয় পৰিক্ৰমা সমন্বয়ৰ কাৰ্যালয় (UNOCHA)ৰ এক প্ৰতিবেদন অনুসৰি দেওবাৰে নিশা পাকিস্তান-আফগানিস্তান সীমান্তৰ সমীপৱৰ্তী নাংগাৰহৰ প্ৰদেশত সংঘটিত হয় এই ভূমিকম্প। ভূমিকম্পৰ কেন্দ্ৰবিন্দু মূলতঃ কামা জিলাত।
নংগাৰহৰৰ উপৰিও কুনাৰ, লঘ্মান আৰু নুৰিষ্টান প্ৰদেশসমূহো এই ভূমিকম্পৰ ফলত গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। এই ভূমিকম্পত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৮০০ অতিক্ৰম কৰিছে। এই সংখ্যা আৰু যে বৃদ্ধি হ’ব সেয়াও স্পষ্ট হৈছে।
কিয়নো ধ্বংসাৱশেষৰ তলত বহু লোক এতিয়াও আৱদ্ধ হৈ আছে বুলি নিশ্চিত হৈছে। সেয়ে উদ্ধাৰ অভিযান অব্যাহত আছে। দেওবাৰৰ নিশাৰ এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৬.৩। ভূপৃষ্ঠৰ পৰা আঠ কিলোমিটাৰ তলত আছিল এই কম্পনৰ কেন্দ্ৰবিন্দু।