/asomiyapratidin/media/media_files/2025/09/03/kabnul-2025-09-03-11-26-45.jpg)
ডিজিটেল ডেস্কঃ যোৱা দেওবাৰে গভীৰ নিশা অহা ভূমিকম্পৰ ফলত এই পৰ্যন্ত আফগানিস্তানত মৃতকৰ সংখ্যা ১৪০০ৰ ঘৰ অতিক্ৰম কৰিছে। আহতৰ সংখ্যাও ১০ হাজাৰতকৈ অধিক। ভাৰতে মঙলবাৰে ভূমিকম্পত আক্ৰান্ত আফগানিস্তানলৈ ২১ টন মানৱীয় সাহায্য বিমানেৰে প্ৰেৰণ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে এক্সত ঘোষণা কৰে যে, "ভাৰতৰ ভূমিকম্পৰ সাহায্য বিমানযোগে কাবুলত উপস্থিত হয়।"
এই সাহায্যত কম্বল, তম্বু, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কিট, পানী সংৰক্ষণ টেংক, জেনেৰেটৰ, আৰু অত্যাৱশ্যকীয় ঔষধ আদি বিভিন্ন ধৰণৰ সাহায্য সামগ্ৰী অন্তৰ্ভুক্ত কৰা হৈছিল। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে অনাগত দিনত ভাৰতে পৰিস্থিতি নিৰীক্ষণ কৰি অধিক সহায় আগবঢ়াব।
আনহাতে ৰাষ্ট্ৰসংঘৰ মানৱীয় পৰিক্ৰমা সমন্বয়ৰ কাৰ্যালয় (UNOCHA)ৰ এক প্ৰতিবেদন অনুসৰি দেওবাৰে নিশা পাকিস্তান-আফগানিস্তান সীমান্তৰ সমীপৱৰ্তী নাংগাৰহৰ প্ৰদেশত সংঘটিত হয় এই ভূমিকম্প। ভূমিকম্পৰ কেন্দ্ৰবিন্দু মূলতঃ কামা জিলাত।
নংগাৰহৰৰ উপৰিও কুনাৰ, লঘ্মান আৰু নুৰিষ্টান প্ৰদেশসমূহো এই ভূমিকম্পৰ ফলত গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। এই ভূমিকম্পত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১৪০০ৰ ঘৰ অতিক্ৰম কৰিছে। এই সংখ্যা আৰু যে বৃদ্ধি হ’ব সেয়াও স্পষ্ট হৈছে।