পাকিস্তানৰ আক্ৰমণত আফগানিস্তানৰ তিনি ক্ৰিকেটাৰ মৃত্যু...

ক্ৰমান্বয়ে বৃদ্ধি পাইছে পাকিস্তান আৰু আফগানিস্তানৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণ। শেহতীয়াকৈ পাকিস্তান সেনাৰ আক্ৰমণত নিহত হৈছে আফগানিস্তানৰ ৩গৰাকীকৈ ক্ৰিকেটাৰ।

author-image
Asomiya Pratidin
New Update
r rooos

ডিজিটেল ডেস্কঃ ক্ৰমান্বয়ে বৃদ্ধি পাইছে পাকিস্তান আৰু আফগানিস্তানৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণ। শেহতীয়াকৈ পাকিস্তান সেনাৰ আক্ৰমণত নিহত হৈছে আফগানিস্তানৰ ৩গৰাকীকৈ ক্ৰিকেটাৰ।

এই কথা ৰাজহুৱা কৰি আফগানিস্তান ক্ৰিকেট বৰ্ডে আগন্তুক পাকিস্তান আৰু শ্ৰীলংকাৰ সৈতে অনুষ্ঠিত হবলগীয়া ত্ৰিকোণীয় টি-২০শৃংখলা বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আফগানিস্তান ক্ৰিকেট বৰ্ডে সদৰি কৰিছে যে, পাকিস্তানৰ আক্ৰমণত ৭গৰাকীকৈ খেলুৱৈ আহত হৈছে আৰু ৩গৰাকীৰ মৃত্যু হৈছে।

মৃত্যু হোৱা ৩গৰাকী খেলুৱৈ হৈছে কবীৰ, ছিবগতুল্লাহ আৰু হাৰুন। আফগানিস্তানৰ এখন খেল পথাৰত অনুশীলনৰ অৱস্থাতে পাকিস্তানৰ আক্ৰমণত মৃত্যু হোৱাৰ কথা সদৰি কৰিছে আফগানিস্তান ক্ৰিকেট বৰ্ডে। উল্লেখ কৰা প্ৰয়োজন যে, বিগত প্ৰায় এমাহ ধৰি পাকিস্তান-আফগানিস্তানৰ সীমান্ত অধিক অশান্তিময় পৰিস্থিতিয়ে বিৰাজ কৰিছে। 

আফগানিস্তান