/asomiyapratidin/media/media_files/2025/10/04/dhubri-10-2025-10-04-18-07-40.jpg)
ডিজিটেল সংবাদ ধুবুৰীঃ ধুবুৰী আদালতৰ অধিবক্তা তথা বিশিষ্ট সমাজসেৱী বিভাস বৰ্মন আৰু নাই। ৩ অক্টোবৰ শুকুৰবাৰে ধুবুৰী মেডিকেল কলেজ আৰু চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে সন্ধিয়া প্ৰায় ৭.৩০ বজাত অধিবক্তাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।
মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্ৰায় ৫৯ বছৰ। পশ্চিম বংগৰ কোচবিহাৰ জিলাৰ দিনহাটা থানাৰ অন্তৰ্গত বৰো আঠিয়া বাৰী গাঁৱৰ নিৱাসী বিভাস বৰ্মণে পৰৱৰ্তী সময়ত ধুবুৰী চহৰৰ ১৫ নম্বৰ ৱাৰ্ডৰ আৰ কে মিছন ৰোড এলেকাত নিগাজিকৈ থাকিবলৈ লৈছিল।
ধুবুৰী আইন মহা বিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লোৱাৰ পিচত ১৯৯৫ চনত ধুবুৰী অধিবক্তা সন্থাৰ সদস্য পদ লৈ বিভাস বৰ্মণে ধুবুৰী আদালতত অধিবক্তা হিচাপে কাম আৰম্ভ কৰিছিল। অধিবক্তাগৰাকীয়ে মৃত্যুৰ আগলৈকে বিভিন্ন সামাজিক কামত জড়িত হৈ আছিল।
মৃত্যুৰ সময়ত অধিবক্তাগৰাকীয়ে তেওঁৰ পত্নী, দুগৰাকী পুত্ৰ সন্তানৰ লগতে অলেখ আত্মীয়-স্বজন, গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়। ধুবুৰী অধিবক্তা সন্থাৰ সদস্য তথা অধিবক্তা বিভাস বৰ্মণৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি আজি ধুবুৰীৰ অধিবক্তা সন্থাৰ কাৰ্যালয় চৌহদত ধুবুৰীৰ অধিবক্তা সন্থাৰ সভাপতি এন আই চৌধুৰীৰ সভাপতিত্বত এক শোক সভাৰ আয়োজন কৰা হয়।
উক্ত শোক সভাত ধুবুৰী অধিবক্তা সন্থাৰ সাধাৰণ সম্পাদক কামাল হুছেইন আহমেদকে ধৰি সন্থাৰ অন্যান্য অধিবক্তা সকল উপস্থিত থাকে। আজিৰ শোক সভাত মৃতকৰ আত্মাৰ সদগতি কামনাৰ্থে দুই মিনিট মৌনতা অৱলম্বন কৰি মৃতকৰ পৰিয়াল লৈ সভাই গভীৰ সমবেদনা জ্ঞাপন কৰে।